
নিউজ ডেস্কঃ নাজিৰাত মালবাহী ট্ৰাকে মহতিয়াই নিলে ইলেক্ট্ৰিচিটি পোষ্ট আৰু বিএছএনএলৰ (BSNL) টেলিকম সেৱাৰ কেবোল।নাজিৰা অ’এনজিচিৰ মুখ্য প্ৰবেশদ্বাৰৰ ওচৰত সংঘটিত হয় এই দুৰ্ঘটনা। কথমপি ৰক্ষা পৰে ট্ৰাক চালক আৰু হেণ্ডিমেন সহ স্থানীয় ৰাইজ। জানিব পৰা মতে নাজিৰাৰ কপহুৱাৰ পৰা কলকাতা অভিমুখে অতিৰিক্ত বোজাৰে সুউচ্চ মালকঢ়িয়াই অনা WB 57 D 6309 নম্বৰৰ ট্ৰাকে মহতিয়াই নিয়ে বিএচএনএলৰ টেলিকম সেৱাৰ কেবোলৰ লগতে বিদ্যুতৰ খুটা । উক্ত স্থানত নাজিৰা থানাৰ আৰক্ষী বিষয়া উপস্থিত হৈ বাহনখন জব্দ কৰে।