sangbad lahar logo

নাজিৰাত জুবিন ফেন ক্লাবৰ অভিনৱ কৰ্ম :

ডিজিটেল ডেস্ক , নাজিৰা নিপন বৰগোহাঁইঃ– ৭৪ তম স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি এক অভিনৱ কাৰ্য্যপন্থা গ্ৰহণ কৰিছে নাজিৰা আৰু শিমলুগুৰি জুবিন ফেন ক্লাবে । নাজিৰা ন’মাতিস্থিত পৰিত্যক্ত অৱস্থাত থকা ঐতিহাসিক গৰখীয়া দলটো চাফ চিকুণ কৰাৰ ওপৰি গছপুলি ৰোপণ কৰে । এই গৰখীয়া দ’লটোৰ সৈতে নাজিৰা অঞ্চলটোৰ বহু ইতিহাস জড়িত হৈ আছে সেয়ে এই চাফ-চিকুণৰ লগতে গছ পুলি ৰোপন কৰি দ’লটোক এক অন্য ৰূপ প্ৰদান কৰা বাবে স্হানীয় ৰাইজে জুবিন ফেন ক্লাবক প্ৰশংসা কৰাৰ লগতে ধন্যবাদ প্ৰদান কৰিছে । নাজিৰা আৰু শিমলুগুৰি জুবিন ফেন ক্লাবে বিগত সময়তো বহু ব্যতিক্ৰমী কৰ্ম কৰি সমাজখনক অন্য এটা ধাৰালৈ আগবঢ়ায় লৈ যোৱাৰ চেষ্টা কৰিছে । সেয়ে অসমৰ ভিতৰতে এই ফেন ক্লাবে নিজৰ নাম উজ্বলাবলৈ সক্ষম হৈছে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *