sangbad lahar logo

নলবাৰীৰ জৱাহৰ নবোদয় বিদ্যালয়ত ভয়ংকৰ ঘটনা।

শিক্ষকৰ নিৰ্যাতন সহিব নোৱাৰি আত্মহত্যাৰ প্ৰচেষ্টা ছাত্ৰীৰ।

নলবাৰীৰ বানেকুছি স্থিত জৱাহৰ নবোদয় বিদ্যালয়ত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা । শিক্ষকৰ নিৰ্যাতন সহিব নোৱাৰি আত্মহত্যাৰ প্ৰচেষ্টা চলালে এগৰাকী ছাত্ৰীয়ে । আন দুগৰাকী ছাত্ৰীয়েও শিক্ষকৰ মানসিক নিৰ্যাতনৰ সম্মুখীন হোৱাৰ অভিযোগ উঠিছে।
জৱাহৰ নবোদয় বিদ্যালয়ৰ হোষ্টেলৰ ভিতৰতে সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা ।
অভিযোগ মতে, নবোদয় বিদ্যালয়ত অধ্যয়নৰত নলবাৰীৰ ছাত্ৰী এগৰাকীয়ে শিক্ষকৰ শাৰিৰীক আৰু মানসিক নিৰ্যাতন সহিব নোৱাৰি হোষ্টেলৰ ভিতৰতে আত্মহত্যাৰ প্ৰচেষ্টা চলাইছিল ।
জিলাখনৰ বানেকুছিত অৱস্থিত জৱাহৰ নবোদয় বিদ্যালয়ৰ অধ্যক্ষ অজিত কুমাৰৰ সু-পৰিচালনাৰ অভাৱত এনে ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উঠিছে । এই ভয়ংকৰ ঘটনাৰ কথা বিদ্যালয় কতৃপক্ষই গাপ দি ৰখাৰ চেষ্টা চলাই যদিও নলবাৰীৰ ছাত্ৰী গৰাকীৰ পৰিয়ালৰ লোকে অসম ৰাজ্যিক মানৱ অধিকাৰ আয়োগত সমগ্ৰ ঘটনাটো অৱগত কৰোৱাৰ পিছতে কালি বিয়লিৰ ভাগত মানৱ অধিকাৰ আয়োগৰ এটা সজাতি দল বিদ্যালয় খনত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

ইফালে এই ভয়ংকৰ ঘটনা সন্দৰ্ভত বিষয়টোৰ পৰা এৰাই চলিব বিছাৰিছে অধ্যক্ষ অজিত কুমাৰে । অধ্যক্ষ অজিত কুমাৰে হোষ্টেলত থকা ছাত্ৰীৰ ওপৰত শাৰিৰীক, মানসিক নিৰ্যাতন চলোৱা কথাশঅস্বীকাৰ কৰে । বিদ্যালয় সু-পৰিচালনাত ব্যৰ্থ হোৱাৰ অভিযোগ উঠা অধ্যক্ষ অজিত কুমাৰে নিজক বচাবলৈ যিয়েই নকওঁক কিয় – অসম ৰাজ্যিক মানব অধিকাৰ আয়োগৰ দলৰ তদন্তত ওলাই পৰিব ছাত্ৰীক নিৰ্যাতন চলোৱাৰ সমস্ত ঘটনাৰ মূল ঘটনা।

Related Articles