sangbad lahar logo

নদুৱাৰৰ অন্তৰ্গত হাবি দলনীত  দুই হেজাৰ লিটাৰ চুলাই মদ ধ্বংস।

নিউজ ডেস্কঃ নদুৱাৰৰ অন্তৰ্গত তথা ইটাখোলা উপ আৰক্ষী চকীৰ অধিনৰ  হাবি দলনিত  সোমবাৰে বিয়লি আৰক্ষীয়ে প্ৰায় দুইহেজাৰ লিটাৰ চুলাই-মদ নষ্ট কৰাৰ লগতে কেইবাটাও চুলাই মদৰ ভাটি ভাঙি তহিলং কৰে ৷ বিশ্বনাথ জিলাৰ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু চতিয়া থানাৰ আৰক্ষী বিষয়া কল্পজিৎ শৰ্মাৰ লগতে ইটাখোলা উপ আৰক্ষী চকীৰ বিষয়া শ্যামল নেওগৰ নেতৃত্বত যোৱা এটা বিশাল আৰক্ষী বাহিনীৰ দলে এই অভিযানত অংশ গ্ৰহন কৰে ৷ উক্ত অঞ্চলত দীৰ্ঘদিন ধৰি একাংশ লোকে অতি মৰাত্মক এই চুলাৎ মদৰ ভাটি খুলি এক ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল ৷ এই চুলাই মদৰ গ্ৰাসত পৰি এই অঞ্চলৰ বহুলোকৰ অকাল বিয়োগ ঘটাৰ লগতে বহুতৰে জীবন ঘূণীয়া হয় ৷ স্থানীয় একাংশ সচেতন ৰাইজৰ মন্তৱ্য – এই ভাটি সমুহৰ পৰা বৃহত্তৰ নদুৱাৰ এলেকাৰ বিভিন্ন প্ৰান্তলৈ চুলাই মদ ৰপ্তানি হৈ আহিছিল ৷ সম্প্ৰতি স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে এই চুলাই ভাটী সমুহ ভাঙি তহিলং কৰাৰ লগতে মদ সমুহ নষ্ট কৰাত সচেতন মহলে সন্তুুষ্টি প্ৰকাশ কৰিছে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *