
ক’ভিড মহামাৰীৰ সংকটকালত দুবেলা দুমুঠি পেটৰ ভাত গোটোৱাৰ বাবে হাবাথুৰি খোৱা খাটি খোৱা লোকৰ কাষত ৭৫ নং চতিয়া বিধান সভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ নিৰ্দেশ মৰ্মে আহি উপস্থিত হৈ নদুৱাৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া পুলক কুমাৰ শৰ্মা আৰু গাঁও পঞ্চায়তৰ প্ৰতিনিধি সকল ৷ চতিয়া সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটত প্ৰায় ৪০ টাকৈ ক’ভিড আক্ৰান্ত পৰিয়ালৰ মাজত খাদ্য সামগ্ৰীৰ টোপোলা বিতৰণ কৰে নদুৱাৰ উন্নয়ন খণ্ডৰ বিষয়াৰ লগতে গাঁও পঞ্চায়তৰ প্ৰতিনিধি সকলে ৷ তেওঁলোকে সম্পূৰ্ণ ক’ভিড প্ৰট’কল পালন কৰি শুভাৰম্ভ কৰা খাদ্যসামগ্ৰী বিতৰণ অনুষ্ঠানটিত প্ৰায় ১ টা সপ্তাহৰ বাবে খাদ্য সামগ্ৰীসমুহৰ টোপোলাত চাউল, দালি, পিয়াঁজ, আলু, বিস্কুত, তেলৰ উপৰিও পৰিয়ালসমুহে ব্যৱহাৰ কৰা প্ৰতিটো সামগ্ৰীয়ে যোগান ধৰা হয় ৷ এই অনুষ্ঠানত নদুৱাৰ খণ্ড উন্নয়ন বিষয়া পুলক শৰ্মাই আহবান জনাই কয় যে সকলো ৰাইজে মাক্স পৰিধান কৰি সামাজিক দুৰত্বৰ ব্যৱধান মানি চলাটো অতিকৈ প্ৰয়োজন ৷ ইয়াৰ লগতে তেওঁ নিজৰ উপৰিও আনকো সচেতন হৈ থাকিবলৈ অনুৰোধ জনাই ।