নতুন দিল্লী ৰে’ল ষ্টেচনত ভয়ংকৰ পদপিষ্টৰ ঘটনা।নতুন দিল্লী ৰে’ল ষ্টেচনত পদপিষ্ট হৈ ১৮ গৰাকীকৈ লোকৰ কৰুণ মৃত্যু ।

শেহতীয়াক বৃদ্ধি পাইছে পদপিষ্টৰ ঘটনা। প্ৰয়াগৰাজৰ মহা কুম্ভমেলাৰ পিছত এইবাৰ নতুন দিল্লী ৰে’ল ষ্টেচনত ভয়ংকৰ পদপিষ্টৰ ঘটনা।নতুন দিল্লী ৰে’ল ষ্টেচনত পদপিষ্ট হৈ ১৮ গৰাকীকৈ লোকৰ কৰুণ মৃত্যু । মৃত লোকসকৰ ভিতৰত ১৪গৰাকী মহিলা আৰু ৪টি শিশু আছে বুলি জানিব পৰা গৈছে। গুৰুতৰভাৱে আহত হৈছে কুৰিজনৰো অধিক লোক।১৫-২০ মিনিটৰ ভিতৰতে সংঘটিত হৈছিল এই শোকাৱহ ঘটনা। জানিব পৰা অনুসৰি প্ৰয়াগৰাজ অভিমুখী ৰে’লত উঠিবলৈ লাগিছিল যাত্ৰীৰ হেতাওপৰা লাগিছিল।
দুখন ৰে’ল বিলম্ব হোৱাৰ পিছতে ১৩ আৰু ১৪নং প্লেটফ’ৰ্মত অনিয়ন্ত্ৰিত হৈ পৰিছিল যাত্ৰীৰ ভিৰ। আৰু তাৰ পিছতে এই শোকাৱহ ঘটনা সংঘটিত হয়।
আহতসকলক ক্ষন্তেকতে উদ্ধাৰ কৰি এল এন জে পি হাস্পতাললৈ লৈ যোৱা হয় আৰু চিকিৎসকে ১৫গৰাকীক মৃত ঘোষণা কৰে।
শোকাৱহ ঘটনাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘X’যোগে শোক প্ৰকাশ কৰিছে, মৃতকৰ পৰিয়াললৈ ১০ লাখ টকাৰ সাহায্য ঘোষণা কৰা হৈছে। আনফালে গুৰুতৰভাৱে আহতসকললৈ ২.৫ লাখ টকাৰ সাহায্য ঘোষণা কৰা হৈছে।