
নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত সংঘটিত হৈছে আজৱ ঘটনাৰ। চিকিৎসালয়খনত ৰোগীৰ পৰীক্ষাৰ বাবে থকা আলট্ৰাচাউণ্ড মেচিন ৰহস্যজনক ভাৱে হৈছে অন্তৰ্ধান। আজি পুৱা আলট্ৰাচাউণ্ডৰ দায়িত্বত থকা কৰ্মচাৰীয়ে আলট্ৰাচাউণ্ড কোঠাৰ তলা খোলাৰ পিছতে এই কথা পোহৰলৈ আহে। তলাবন্ধ কোঠাটোৰ পৰা চোৰে কেনেকৈ আলট্ৰাচাউণ্ড মেচিন চোৰ কৰি নিবলৈ সক্ষম হ’ল তাক লৈয়ো এতিয়া সৃষ্টি হৈছে চাঞ্চল্যৰ।