sangbad lahar logo

নগাঁৱত শ্বহীদ ভোগেশ্বৰী ফুকননী আৰু মুক্তিযোদ্ধা দুৰ্গেশ্বৰ শৰ্মাৰ নামত ডাক টিকট উন্মোচন।

নগাঁৱত Philately Day হিচাপে বুধবাৰে ৰাষ্ট্ৰীয় ডাক সপ্তাহ উদযাপন কৰা হয় ।নগাওঁ জিলা ডাক বিভাগে স্বাধীনতা আন্দোলনত প্ৰাণ আহুতি দিয়া শ্বহীদ ভোগেশ্বৰী ফুকননীৰ এটি ডাক টিকট উন্মোচন কৰাৰ লগতে মুক্তিযোদ্ধা প্ৰয়াত দুৰ্গেশ্বৰ শৰ্মাৰ নামতো এটি ডাক টিকট উন্মোচন কৰে। বুধবাৰে বঢ়মপুৰত আয়োজিত ডাক বিভাগৰ এই গাম্ভীয্যপূৰ্ণ অনুষ্ঠানত নগাওঁ জিলা উপায়ুক্ত কবিতা পদ্মনাভন আৰু জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ লগতে ডাক বিভাগৰ কেইবাগৰাকী উচ্চ প্ৰদস্থ বিষয়া আৰু শ্বহীদ ৰ পৰিয়ালবৰ্গ উপস্থিত থাকে। উল্লেখ্য যে অনুষ্ঠানটিত নগাওঁ জিলা উপায়ুক্ত কভিথা পদ্মনাভন আৰু আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই বন্তি প্ৰজ্বলন কৰি ডাক টিকট দুটিৰ শুভ উন্মোচন কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *