নগাঁও জিলাৰ ৰূপহী নতুন বজাৰস্থিত ৰূপহী পলিক্লিনিকত আজি কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ৬১ সংখ্যক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ, উপস্থিত ডাঃ অৰূপ কুমাৰ নাথ।

ইষ্টাৰ্ণ ষ্টন এণ্ড কিডনী ফাউণ্ডেশ্যনৰ উদ্যোগত ইনষ্টিটিউট অৱ ইউৰলজি এণ্ড কিডনী ডিজিজৰ সহযোগত আজি নগাঁও জিলাৰ ৰূপহী নতুন বজাৰ স্থিত ৰূপহী পলিক্লিনিক আজি কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ৬১ সংখ্যক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। আজি স্বাস্থ্য পৰীক্ষা শিবিৰত অংশগ্ৰহণ কৰে ভাৰতৰ লেজাৰ মেন সংখ্যাৰ মানৱদৰদী বঁটাপ্ৰাপ্ত আৰু উত্তৰ -পূৱ ভাৰতৰ সৰ্ব প্ৰথম আৰু একমাত্ৰ কিডনী হস্পিটেলৰ চেয়াৰমেন ডাঃ অৰূপ কুমাৰ নাথ। ৰূপহী পলিক্লিনিক তৰফৰ হৈ ডাঃ শ্বৰিফউল্লাক উষ্ম সম্বৰ্ধনা জনাই ডাঃ অৰূপ কুমাৰ নাথে । আজি বিনামূলীয়া স্বাস্থ্য শিবিৰত প্ৰায় ১০০ৰো অধিক ৰোগী অংশ গ্ৰহণ কৰে।