নগাঁও জিলাৰ ৫৫ নং ধিং বিধান সভা সমষ্টিৰ অন্তৰ্গত ৭ নং বেছামাৰী জিলা পৰিষদ সমষ্টিত ৰাইজৰ দলে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে।এই জিলা পৰিষদ সমষ্টিত বিভিন্ন দলে প্ৰাৰ্থীত্ব আগবঢ়াইছে যদিও প্ৰচাৰৰ শীৰ্ষত দেখা গৈছে ৰাইজৰ দলৰ মনোনীত প্ৰাৰ্থী শ্বৰিফ উদ্দিন আহমেদ ওৰফে বাবুলক।আজি সন্ধিয়া বেছামাৰী জিলা পৰিষদ সমষ্টিৰ অন্তৰ্গত কটহগুৰি গাঁও পঞ্চায়তৰ ২ নং ৱাৰ্ডৰ নিৰ্বাচনী সভাত ৰাইজৰ উপস্থিতিয়ে সংকীত হৈছে কংগ্ৰেছ, এজিপি।ৰাইজৰ দলৰ বেচামাৰী জিলা পৰিষদৰ প্ৰাৰ্থীৰ লগত কোনো প্ৰতিদ্বন্দী নাই ।ইয়াত পিয়ুষ হাজৰিকা আহি নিৰ্বাচন খেলিলেও হাৰিব বুলি।

ৰাইজৰ দলৰ সংখ্যালঘু কোষৰ ৰাজ্যিক সভাপতি জিয়াবুৰ ৰহমান খানে এইদৰে কয়।ৰাইজৰ দলৰ মুখপাত্ৰ গৰাকীৰ লগতে সংখ্যালঘু কোষৰ ৰাজ্যিক সভাপতি গৰাকীয়েও শাসক পক্ষৰ লগতে এ আই ইউ ডি এফ আৰু কংগ্ৰেছক ক্ষুৰধাৰ সমালোচক কৰা পৰিলক্ষিত হয়।ৰাইজৰ দলৰ মুখপাত্ৰ তথা ধিং সমষ্টিৰ জনপ্ৰিয় যুৱ নেতা মেহেবুব মুক্তাৰ, ৰাইজৰ দলৰ জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য মাইন উদ্দিনৰ লগতে কটহগুৰি অঞ্চলৰ ৰাইজৰ দলৰ কৰ্মী সমৰ্থক উপস্থিত আছিল এই নিৰ্বাচনী প্ৰচাৰ সভাত।