
নগাওঁ জিলাৰ বটদ্ৰবাৰ জাজৰী ঢলপুৰীত ২০০৮ চনতে ধৰ্ম প্ৰসাদ বৰা আৰু যতীন বৰাৰ উদ্যোগতন নটৰাজ ডাঞ্চ অকাডেমি নামেৰে এখন নৃত্য সংস্কৃতিৰ বিদ্যালয় মুকলি কৰে । তাৰ পিছৰে পৰা অঞ্চলটোৰ নৱ প্ৰজন্মৰ সাংস্কৃতিক উত্তৰণৰ বাবে বিভিন্ন সময়ত নটৰাজ ডাঞ্চ অকাডেমিয়ে কৰ্মশালাকে আদি কৰি বিভিন্ন কাৰ্য পন্থা গ্ৰহণ কৰি আহিছে। তেওঁলোকে দীৰ্ঘদিন ধৰি অঞ্চলটোৰ নৱ প্ৰজন্মৰ মাজত সত্ৰীয়া নৃত্য, লোক নৃত্য, বিহু নৃত্য আৰু আধুনিক নৃত্যৰ প্ৰশিক্ষণ কৰাৰ লগতে আমাৰ মাজৰ পৰা হেৰাই যাব ধৰা যি পালা ভাওঁনা আদিৰ প্ৰশিক্ষণ দি থকা দেখা গৈছে।লগতে তেওঁলোকে আজিৰে পৰা এখনি কৰ্মশালাৰ শুভাৰম্ভণি কৰে।