
নগাওঁ জিলাৰ বটদ্ৰবাৰ জাজৰী ঢলপুৰীত ২০০৮চনতে ধৰ্ম প্ৰসাদ কলিতাৰ উদ্যোগতন নটৰাজ ডান্স অকাডেমি নামেৰে এখন নৃত্য সংস্কৃতিৰ বিদ্যালয় মুকলি কৰে । তাৰ পিছৰে পৰা একাডেমী খনে প্ৰতিবছৰে বিভিন্ন সময় বিভিন্ন কৰ্মশালা আয়োজন কৰা দেখা গৈছে কিন্তু বিগত দুটা বছৰ ক’ভিড সৃষ্ট পৰিবেশৰ বাবে বন্ধ হৈ আছিল। ক’ভিড সৃষ্ট পৰিবেশত শিশু সকলৰ শাৰীৰিক আৰু মানসিক ভাবে হোৱা ক্ষতিক লক্ষ ৰাখি নটৰাজ ডান্স একাডেমীয়ে শিশু সকলৰ শাৰীৰিক মানসিক আৰু সাংস্কৃতিক ভাবে আগুৱাই নিয়াৰ উদ্দেশ্য দহ দিনীয়া কাৰ্যসূচীৰে এখনি কৰ্মশালাৰ আয়োজন কৰিছিল। এই দহ দিনত সত্ৰীয়া নৃত্য, লোক নৃত্য, বিহু নৃত্য আৰু আধুনিক নৃত্যৰ প্ৰশিক্ষণ কৰাৰ লগতে আমাৰ মাজৰ পৰা হেৰাই যাব ধৰা যি পালা ভাওনা আদিৰ প্ৰশিক্ষণ দি থকা দেখা গৈছে। আজি দহ দিনৰ অন্তত এখনি সাধনৰ সভাৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰ যোগেদি উক্ত কৰ্মশালাৰ সামৰণি কৰে। আজিৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে কৰ্মশালাৰ অধ্যক্ষ ধৰ্ম প্ৰসাদ কলিতাৰ লগতে অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল।