
নিউজ ডেস্কঃ নগাঁও জিলাৰ জাজৰিত সংঘটিত কৰিলে সভ্য সমাজক লজ্জানত কৰা এক ঘটনা ।
সম্বন্ধীয় ভাতৃৰ কামনাৰ বলি হ’ল এগৰাকী যুৱতী । ঘটনা সংঘটিত হৈছে জাজৰিৰ বৰমণিপুৰ নিচামতলত । ছাজেদুৰ ৰহমান নামৰ বিবাহিত লম্পটোয়ে সংঘটিত কৰে এই নিকৃষ্ট কাণ্ড ।
দুই সন্তানৰ পিতৃ ছাজেদুৰে পত্নীৰ ঘৰত নথকাৰ সুযোগ লৈ সম্বন্ধীয় ভনীক ঘৰত কাম কৰাৰ চলনাৰে মাতি আনি সংঘটিত কৰে দুস্কাৰ্য্য ।
ইতিমধ্যে দুইমাহৰ অন্ত:সত্তা যুৱতী গৰাকীৰ পৰিয়ালে স্থানীয় বৰিবজাৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে যদিও লম্পট ছাজেদুৰ ৰহমানক আটক কৰিবলৈ সক্ষম হোৱা নাই বৰিবজাৰ আৰক্ষীয়ে ।