নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত দক্ষিণ খাটোৱালত বিজেপি ৰনডংকা।ৰাজ্যত বলিছে নিৰ্বাচনী গৰম বতাহ, বিজেপি এখন পাছত এখন চলাইছে নিৰ্বাচনী সভা, যোৱা নিশা গড়াজান জিলা পৰিষদৰ প্ৰাৰ্থী বিজেপি জেচমিন এচমিন আজাদ হয়। দক্ষিণ খাটোৱালৰ তাৰাবাৰী বজাৰত নিৰ্বাচনী সভাত অংশগ্ৰহন কৰে চামগুৰি সমষ্টিৰ বিধায়ক দিপ্লুৰঞ্জন শৰ্মাই বিধায়ক গৰাকীয়ে কয় যে এতিয়া দক্ষিণ খাটোৱালৰ কংগ্ৰেছ ঘাটি নহয়, এতিয়া বিজেপি ঘাটি। ৰকিবুল হুছেইন মিছা কথা বিশ্বাস নকৰিব, নিৰ্বাচন সময়ত ৰাইজৰ ওচৰত আহি উৰাবাতৰি উলিয়াই বিভান্তি দৃষ্টি কৰে, আজি সভাত শ শ লোক উপস্থিত থাকে পঞ্চায়তৰ। আজি সভাত উপস্থিত থাকে চামগুৰি সমষ্টিৰ যুৱ নেতা মজিবুৰ ৰহমান, জিলা পৰিষদৰ প্ৰাৰ্থী জেচমিন এচমিন আজাদ, দক্ষিণ খাটোৱাল বিজেপি দলৰ আঞ্চলিক সদস্যা প্ৰাৰ্থী আৰিফা আহমেদ উপস্থিত থাকে।
