sangbad lahar logo

নগাঁও আৰক্ষীৰ বৃহৎ সাফল্য ৷ বৃহৎ পৰিমানৰ হেৰ’ইন উদ্ধাৰ আৰক্ষীৰ ৷

নগাঁও চহৰৰ কাষৰীয়া অঞ্চল বৰভেটিত গোপন সুত্ৰৰ পম খেদি টয়’টা বাহনৰ পৰা উদ্ধাৰ কৰা হৈছে হেৰ’ইন খিনি।

হয়বৰগাঁও টাউন আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আভা জ্যোতি ৰাভাৰ নেতৃত্ব আৰক্ষীৰ দল এটাই মাজনিশা বৰভেটিত অভিযান চলাই ৷ এই অভিযানৰ সময়ত এ এছ ০২ এ কে ২৮৭৮ নম্বৰৰ গাড়ীখনত লুকুৱাই অনা হেৰ’ইন খিনি উদ্ধাৰ কৰে।

এই বৃহৎ সংখ্যক ড্ৰাগছৰ সৈতে গ্ৰেপ্তাৰ কৰে ক্ৰমে ইছমাইল হুছেইন, লতিফুল সৰকাৰ আৰু ছহিদুল ইছলামক ৷ ইছমাইলৰ ঘৰ ভকত গাঁৱত আৰু লতিফুল আৰু ছহিদুলৰ ঘৰ জুৰীয়া উদমাৰীত ৷ জব্দ কৰা হেৰ’ইন খিনিৰ পৰিমান ৪৪৫ গ্ৰাম ৷

Related Articles