
ধৰ্মগুৰুৰ কামনাৰ বলি হ’ল এইবাৰ এগৰাকী ১০ বছৰীয়া কিশোৰী। মানৱ সমাজক লজ্জানত কৰা এই ঘটনা সংঘটিত হ’ল টীয়ক আৰক্ষী চকীৰ অন্তৰ্গত চেলেংহাত অঞ্চলৰ এটি মছজিদত জোনাব ৰূপে কৰ্মৰত ফাৰুক আহমেদ নামৰ হোজাইৰ লোকজনে মছজিদৰ কাষৰীয়া আমিনা বেগম আৰু চাহিৰ আলিৰ ১০ বছৰীয়া কন্যাক কাম কৰাৰ চলেৰে জোনাবৰ কক্ষলৈ মাতি নি অসৎ কাৰ্য্যত লিপ্ত হয়। পৰৱৰ্তী সময়ত কিশোৰীগৰাকীৰ মাতৃয়ে অসংযত অৱস্থাত প্ৰত্যক্ষ কৰি নিজ কন্যাক সোধপোছ কৰাত আচল ৰহস্য উদ্ঘাটন হয়। আৰু কিশোৰীগৰাকীয়ে মাকক ভয়ে ভয়ে সম্পূৰ্ণ ঘটনাৰ বিবৰণী দিয়াত টীয়ক আৰক্ষীৰ কাষ চাপে পৰিয়ালটো । আৰু চেলেংহাত আৰক্ষীৰ সহযোগত নাৰকীয় কাণ্ড সংঘটিত কৰা জোনাবজনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে।