sangbad lahar logo

ধৰাৰ বুকুলৈ নামিল দেৱী…আজি শুভ মহালয়া…

আজি মহালয়া । জন বিশ্বাস অনুসৰি মহালয়াৰ দিনাই ধৰালৈ আগমন হয় দেৱী দুৰ্গাৰ। কৰনাৰ সংক্ৰমণ শান্ত হৈ উঠাৰ মাজতেই আজিৰে পৰা আৰম্ভ হ’ব দেৱী দূর্গাৰ আৰাধনা। আৰম্ভ হ’ল দুৰ্গোৎসৱৰ লগ্ন। দুৰ্গতিনাশিনী দেৱী দুৰ্গাৰ বন্দনাৰে মুখৰ হৈ পৰিব সমগ্ৰ ৰাজ্য। দেৱী দুৰ্গাৰ আৰাধনাত ব্যস্ত হৈ পৰিছে ভক্তগণ। উজনিৰ পৰা নামনিলৈ পৰিলক্ষিত হৈছে মহালয়াৰ ব্যস্ততা। ঢাকৰ শব্দই ৰজনজনাই যাব চৌদিশ। নৈৰ পাৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে পূৰ্বপুৰুষক স্মৰণ কৰিছে উত্তৰ পুৰুষে। হিন্দু ধর্ম মতে, মহালয়াৰ দিনটোতে দেৱ-দেৱীকুলে দুর্গাপূজাৰ বাবে নিজকে জাগ্রত কৰে। আজিৰ দিনটোতে গংগাতীৰত প্রার্থনা কৰি ভক্তসকলে মৃত আত্মীয়-স্বজন আৰু পূর্বপুৰুষৰ আত্মাৰ মংগল কামনা কৰে। আজি পুৱতি নিশাৰ পৰাই সমগ্ৰ দেশৰ স্থায়ী আৰু অস্থায়ী দুর্গা মণ্ডপসমূহত চণ্ডীপাঠ আৰু পূজা-অর্চনাৰে দুর্গা দেৱীক আহ্বান কৰা হয়। হিন্দুধৰ্মীয় বিশ্বাস অনুসৰি, মহালয়াৰ জৰিয়তে ধৰালৈ আগমন ঘটে শক্তিৰ অধিষ্ঠাত্ৰী দেৱীৰ। পুৰাণৰ মতে, অশুভ শক্তিৰ ওচৰত পৰাভূত দেৱতাসকলে স্বর্গলোকচ্যুত হোৱাৰ পিছত চাৰিওফালে আৰম্ভ হয় অশুভ শক্তিৰ প্রতাপ। এই অশুভ শক্তি বিনাশ কৰিবলৈ একত্রিত হয় দেৱতাগণ। তেতিয়াই দেৱতাৰ তেজৰশ্মিৰ পৰা আৱির্ভাৱ হয় অসুৰবিনাশিনী দেৱী দুর্গাৰ। মহালয়াৰ সময়ত ঘোৰ অমাৱস্যা থাকে। তেতিয়াই দুর্গা দেৱীৰ তেজোদ্বীপ্ত আলোকত সেই অমাৱস্যা দূৰ হয়। প্রতিষ্ঠা লাভ কৰে শুভশক্তিয়ে। জনশ্ৰুতি অনুসৰি, হিমালয়ৰ কৈলাসৰ পৰা সুদূৰ পথেৰে প্রতিবছৰে দুর্গা দেৱী সমতল ভূমিলৈ নামি আহে। লগত আহে গণেশ, কার্তিক, লক্ষ্মী আৰু সৰস্বতী। প্রতিবছৰে শৰতকালত দেৱী দুর্গাৰ এই আগমন হয়। ষষ্ঠী পূজাৰে শাৰদীয় দুর্গোৎসৱৰ আনুষ্ঠানিকতা আৰম্ভ হ’লেও মূলতঃ আজিৰ পৰাই দুর্গা দেৱীৰ আগমনৰ ধ্বনি শুনিবলৈ পোৱা যায়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *