sangbad lahar logo

ধ্বংসৰ গৰাহত ক্ষেত্ৰীৰ মতাপাহাৰ । বন্যহস্তীৰ বিচৰণথলী হিচাপে সংৰক্ষিত বনাঞ্চল এতিয়া ধ্বংসৰ গৰাহত ৷

সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ক্ষেত্ৰীৰ মতাপাহাৰত এতিয়া বনদস্যুৰ দপদপনি ৷

বন্যহস্তীৰ বিচৰণথলী হিচাপে সংৰক্ষিত বনাঞ্চল এতিয়া ধ্বংসৰ গৰাহত ৷

এফালৰ পৰা মূল্যৱান গছ-গছনি কাটি ধ্বংস  ৷

পাহাৰৰ হস্তীদণ্ডীৰে যাতায়াতৰ বাবে নিৰ্মাণ কৰা হৈছে পকীপথ ।

বনাঞ্চলত দিনে-নিশাই বিকট শব্দৰে যান-বাহনকে ধৰি বৃহৎ মেচিন চলাই থকাৰ ফলত জনাঞ্চললৈ ঢাপলি মেলিছে এতিয়া বনৰীয়া হাতী ।

ৰাষ্ট্ৰীয় ঘাইপথলৈ নামি গৈ মৃত্যু হৈছে অজগৰকে ধৰি অন্যান্য জীৱকুলৰ ।

চৌদিশে বাস কৰা কেইবাখনো গাঁৱৰ পাৰিপাৰ্শ্বিকতালৈ আহিছে প্ৰচণ্ড ভাবুকি । ইমানৰ পিচতো নিমাত গাঁও প্ৰধান, প্ৰশাসন ।

বন বিভাগৰ পৃষ্ঠপোষকতাত এনেদৰে সংৰক্ষিত বনাঞ্চলত এনে কাৰ্যৰ অনুমতি প্ৰদান কৰা কাৰ্যত এতিয়া স্তম্ভিত হৈ পৰিছে ডিমৰীয়াবাসী ।

বন সংৰক্ষণৰ সজোৰে শ্লোগান আউৰাই থকা পূব কামৰূপ বন সংমণ্ডলৰ বন বিষয়াৰ সাহস হ’বনে এনে বন মাফিয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ ৷

সেয়া এই মুহুৰ্তৰ এক ডাঙৰ প্ৰশ্ন ।

Related Articles