
সাতশিয়া জনকল্যান হাইস্কুলৰ লম্পট প্ৰধান শিক্ষকক শাস্তিৰ দাবীত এই প্ৰতিবাদ । প্ৰধান শিক্ষক জালাল উদ্দিন মণ্ডল গো বেক, লম্পট শিক্ষকক আমি নামানো আদি শ্ল’গানেৰে বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীয়ে পৰিৱেশ উত্তাল কৰি তোলে।উল্লেখ্য যে, লম্পট শিক্ষকৰ বিৰুদ্ধে পূৰ্বতে আছে বিদ্যালয়ৰে ছাত্ৰী নিৰ্যাতনৰ গুৰুতৰ অভিযোগ । যোৱা জুন মাহত বিদ্যালয় খনৰ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীক শ্লীলতাহানিৰ অভিযোগত বিভাগে কৰিছিল নিলম্বন । শিক্ষক জনৰ বিৰুদ্ধে স্থানীয় থানত ৰুজু হৈছিল গোঁচৰ। কিন্তু আজি পুনৰ বিদ্যালয়ত যোগদান কৰিবলৈ অহাত ছাত্ৰ-ছাত্ৰীয়ে ৰূপায়ণ কৰিলে এই প্ৰতিবাদী কাৰ্যসূচী। ছাত্ৰ ছাত্ৰীৰ অভিযোগ লম্পট শিক্ষকক আমি বিদ্যালয়ত সোমাবলৈ নিদিও । বিভাগে লম্পট শিক্ষকক পুনৰ বহিস্কাৰ নকৰিলে আমি প্ৰতিবাদী কাৰ্যসূচী চলাই যাম। আনহাতে ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকৰ অভিযোগ লম্পট শিক্ষকক কৰিব লাগে বহিস্কাৰ।
36 Comments