ধিঙৰ ৭ নং বেচামাৰী জিলা পৰিষদ সমষ্টিত নিৰ্বাচনী ৰণডংকা বজালে অখিল গগৈয়ে ।

পুৱাৰে পৰাই বলিকটিয়া,জাৰামাৰী খেল পথাৰ,নিজ ধিঙৰ পিছত বিয়লি বেচামাৰী বজাৰ খেল পথাৰত বৃহৎ ৰেলি কৰি আহি বেচামাৰীৰ বৃহৎ নিৰ্বাচনী সভা সভাত অংশ গ্ৰহণ কৰে।

◆ বেচামাৰী জিলা পৰিষদৰ ৰাইজৰ দলৰ প্ৰাৰ্থী শ্বৰীফ উদ্দিন আহমেদ ওৰফে বাবুল আৰু জিলা পৰিষদৰ অন্তৰ্গত আঞ্চলিক সদস্য সকলক লগত লৈ অখিল গগৈয়ে বজালে নিৰ্বাচনী ৰণডংকা।

◆ ধিং সমষ্টিৰ অন্তৰ্গত অনুষ্ঠিত হোৱা এটাৰ পাছত আনটো নিৰ্বাচনী সভাত অখিল গগৈয়ে চলালে নিৰ্বাচনী গৰম বতাহ ।

◆ প্ৰতিটো নিৰ্বাচনী প্ৰচাৰ সভাত দেখা পোৱা গ’ল হাজাৰ হাজাৰ ভোটাৰ ৰাইজৰ সমাগম ।

◆ এই নিৰ্বাচনী প্ৰচাৰ সভাত অখিল গগৈয়ে বিজেপি আৰু AIUDF দলক তীব্ৰ সমালোচনা কৰাৰ লগতে বেচামাৰী জিলা পৰিষদৰ ৰাইজৰ দলৰ প্ৰাৰ্থী শ্বৰীফ উদ্দিনৰ লগতে প্ৰতিটো আঞ্চলিক পঞ্চায়তৰ সদস্য সকলক বিপুল ভোটত জয়ী কৰোৱাবলৈ ভোটাৰ ৰাইজক অনুৰোধ জনায় ।

◆ আজি অনুষ্ঠিত ৰাইজৰ দলৰ এই প্ৰচাৰ সভাত অখিল গগৈৰ
লগতে ধিং সমষ্টিৰ জনপ্রিয় যুৱ নেতা মেহবুব মুক্তাৰ, জিলা পৰিষদৰ প্ৰাৰ্থী আৰু আঞ্চলিক সদস্যৰ প্ৰাৰ্থী সকলৰ লগতে ৰাইজৰ দলৰ বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মী সকল উপস্থিত আছিল ।