
ধিঙৰ বৰভেটিত এটা কুঁৱাক লৈ সৃষ্টি হৈছে উৎসুকতাৰ । বহু বছৰ পুৰণি এই কুঁৱাটো দেখাৰ পিছতে আঞ্চলবাসী ৰাইজৰ মাজত সৃষ্টি হৈছে কৌতুহলৰ। ধিঙৰ বৰভেটিৰ এই পুৰণি নামঘৰৰ মনিকুটৰ নিৰ্মাণ কৰিবলৈ মাটি খান্দোতে উদ্ধাৰ হৈছে বহু প্ৰাচীন কুঁৱাটো। ইতিমধ্যে এই খবৰ বিয়পি পৰাৰ লগে-লগেই বিভিন্ন ঠাইৰ পৰা জনসাধাৰণৰ সোঁত বৈছে ।

এই খবৰ লাভ কৰি ধিং মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত হৈ নিৰীক্ষণ কৰে কুঁৱাটো । ধিং মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিমান হাজৰিকাই কয় যে এই কুঁৱাটো প্ৰাচীন সভ্যতাৰ, আৰু প্ৰয়োজন আছে গবেষণাৰ । ইতিমধ্যে পুৰাতত্ব বিভাগ আৰু গুৱাহাটীৰ বিশ্ব বিদ্যালয়ৰ বিশেষজ্ঞ সকলৰ লগত যোগাযোগ কৰি পৰীক্ষা নিৰীক্ষা কৰিব বুলি জানিব দিয়ে ।ইফালে স্থানীয় ৰাইজে কয় যে মহাপুৰুষ শংকৰদেৱ গুৰুজনাই পাটেকীবড়ীৰ পৰা বটদ্ৰৱালৈ অহা যোৱা কৰিছিল আৰু এই স্থানতে জিৰণি লৈছিল বুলি পূৰ্বৰ পৰা এক লোকবিশ্বাস আছে।