ধিঙৰ কান্ধুলিমাৰীৰ ৰাজহুৱা খেল পথাৰত আঞ্চলিক ভিত্তিত আমছুৰ উদ্যোগত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা অনুষ্ঠান…

ধিঙৰ কান্ধুলিমাৰীৰ ৰাজহুৱা খেল পথাৰত আঞ্চলিক ভিত্তিত আমছুৰ উদ্যোগত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা অনুষ্ঠান।
কান্ধুলিমাৰী আমছুৰ আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন – সম্বৰ্দ্ধনা অনুষ্ঠানত ১১৭ গৰকী ছাত্ৰ-ছাত্ৰীক একোখনকৈ ফুলাম গামোচা, জাপি আৰু মানপত্ৰৰে সম্বৰ্দ্ধনা জনোৱা হয়।শৈক্ষিক জগতৰ বিভিন্ন ব্যক্তিৰ লগতে বিভিন্ন ৰাজনৈতিক আৰু অৰাজনৈতিক ব্যক্তিসকল উপস্থিত থাকে এই অনুষ্ঠানত।

এই অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত আছিল আমছুৰ সাধাৰণ সম্পাদক জিন্নাতুল ইছলাম।ছাত্ৰ-ছাত্ৰীক উৎসাহিত আৰু প্ৰেৰণা যোগাবলৈ নিৰ্বাচনৰ প্ৰচাৰৰ মাজতো আমছুৰ এই ব্যতিক্ৰমী অনুষ্ঠান। কৃতি ছাত্ৰ-ছাত্ৰীসকলৰ বিশেষ অভিনন্দন – সম্বৰ্দ্ধনা আৰু শিক্ষামূলক সজাগতা সভাত আমছুৰ নগাঁও জিলাৰ সমুহ বিষয়ববীয়া উপস্থিত থাকে।