ৰাজ্যখনৰ অনান্য ঠাইৰ লগতে নগাওঁ জিলাৰ ধিঙৰ বৃহত্তৰ টুকটুকী অঞ্চলতো ঈদ-উল-ফিতৰৰ সমূহীয়া নামাজ উলহ- মালহেৰে পালন কৰা হয়।জানিব পৰা মতে, বৃহত্তৰ টুকটুকীৰ কটহগুৰি আঞ্চলিক ঈদগাহ ময়দানত আজি

পুৱা ন বজাত ঈদ-উল-ফিতৰৰ সমূহীয়া নামাজ অনুষ্ঠিত হয়।অসমৰ বিশিষ্ট ক্বাৰী আব্দুল কাদিৰৰ ইমামতীত্বত দুই ৰাকাত ৱাজীব নামাজ ছয় তকৱিৰ সৈতে আদায় কৰা হয়।আজিৰ এই সমূহীয়া নামাজত অঞ্চলটোৰ প্ৰায় বাৰ সহস্ৰাধিক ৰাইজ উপস্থিত আছিল।