
মৈৰাবাৰী মণ্ডল বিজেপিৰ সবল নেতৃত্বত বিজেপি ৰ ভেটি মজবুত। কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলত মোক্ষম আঘাত বিজেপিৰ। আজি মৈৰাবাৰীত অনুষ্ঠিত হৈ যায় বিজেপিৰ কাৰ্য্য নিৰ্বাহক সভা। ভাৰতীয় জনতা পাৰ্টীৰ মৈৰাবাৰী মণ্ডলৰ সহযোগত অনুষ্ঠিত হয় এই কাৰ্য্য নিৰ্বাহক সভাখন। সভাখনত বিজেপিৰ কৰ্ম কৰ্তা সকলৰ লগতে উপস্থিত থাকে স্থানীয় ৰাইজ। সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ মৰিগাঁও জিলাৰ সম্পাদক ৰবীন বৰদলৈ। মৈৰাবাৰী মণ্ডল বিজেপিৰ সভাপতি আফিয়া বেগমৰ সভাপতিত্যত, আৰু জিলা সম্পাদক ৰবীন বৰদলৈৰ উপস্থিতিত ধিং সমষ্টিৰ উলুবাৰী গাঁও পঞ্চায়তৰ উপ-সভাপতি সহ চাৰি জনকৈ ৱাৰ্ড সদস্যই আনুষ্ঠানিক ভাৱে বিজেপিত যোগদান কৰে। এ এই ইউ ডি এফৰ ভেটি হিচাপে খ্যাত ধিং সমষ্টিত এনেকৈ দল সলোৱাত আগন্তুক পঞ্চায়ত ইলেক্সনত কংগ্ৰেছ আৰু এ আই ইউ ডি এফত কি প্ৰভাৱ পেলাব সেয়া হ’ব লক্ষণীয় ।
67 Comments