ৰমজানৰ প্ৰাক মুহূৰ্তত ধিং আৰক্ষীৰ হাতত ড্ৰাগছ সহ আটক এজন।ধিং আৰক্ষী থানা এলেকাধীন বৰ ৰাধা-আটি গাঁৱত অভিযান চলাই ড্ৰাগছ সৰবৰাহ কৰি থকা সময়ত হাতে লুটে এজন লোকক আটক কৰিবলৈ সক্ষম হয় ধিং আৰক্ষীয়ে।আটক হোৱা ড্ৰাগছ ব্যৱসায়ী জনৰ নাম নৰজুল ইছলাম। বয়স আনুমানিক ৩৮ বছৰ।

ড্ৰাগছ ব্যৱসায়ী জনৰ পৰা আৰক্ষীয়ে ১২.১৩গ্ৰাম ড্ৰাগছ,জব্দ কৰিবলৈ সক্ষম হয়।ধৃত ড্ৰাগছ ব্যৱসায়ী জনক ইতিমধ্যে ধিং আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।