
তামুলপুৰ দ্বাৰকুছিৰ এটি দৰিদ্ৰ পৰিয়াললৈ নামি আহিছে ঘোৰ অমানিশা ৷ দুবেলা দুমুঠি পেটে-ভাতে খাই থকা এটি পৰিয়ালৰ এগৰাকী কিশোৰী আক্ৰান্ত হৈছে দুৰাৰোগ্য কৰ্কটৰোগত । যোবা দুবছৰ ধৰি কিশোৰী গৰাকীয়ে দুৰাৰোগ্য কৰ্কটৰোগত আক্ৰান্ত হৈ আছিল। দৰিদ্ৰ পৰিয়ালটিৰ ১৮ বছৰীয়া কিশোৰী গৰাকী তুলসীবাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰী স্বপ্না দাস ৷ বৰ্তমানে ধনৰ অভাৱত উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হৈ আছে কিশোৰী গৰাকী। কিশোৰীগৰাকীয়ে এনেদৰে বিচনাতে পৰি থাকিবলগীয়া হৈছে বৰ্তমান ৷ চিকিৎসকৰ পৰামৰ্শ অনুসৰি কিশোৰী গৰাকীৰ উন্নত চিকিৎসাৰ বাবে অৰ্থৰ অভাৱত পৰিয়ালটি হৈ পৰিছে উপায়ন্তৰ। কিশোৰী গৰাকীৰ পিতৃ ত্ৰিপদ দাস আৰু মাতৃ ইলা দাসে দিক বিদিক হেৰুৱায় অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে সুহৃদয়বাণ লোকৰ পৰা সহায় বিচাৰিছে ।
তেওঁৰ সহায়ৰ ঠিকনাঃ-অসম গ্ৰামীণ বিকাশ বেংক , দ্বাৰকুছি শাখা…
A/C No.- 7283029006120
IFSC:- UTBIORRBAGB
Mobile number:-
6000040848