sangbad lahar logo

ধনশিৰি মহকুমাৰ সৰুপথাৰত কীটনাশক ঔষধ দি পশুধন হ. ত্যা.  । ন্যায় বিচাৰি হাবাথুৰি খাইছে পশুধন পালকে ।

ধনশিৰি মহকুমাৰ সৰুপথাৰ ২ নং পদুমনিৰ ধনশিৰি নদীৰ চাপৰিত কোনো দুষ্টলোকে পশু খাদ্য চাপৰৰ আৰু ঘাঁ বন আদিৰ লগত কীটনাশক দৰৱ মিহলি কৰি খেতি পথাৰৰ ঠায়ে ঠায়ে ৰখাৰ ফলত গাওঁখনৰ কেইবাটাও দৰিদ্ৰ পৰিয়ালৰ প্ৰায় বিশ জনী চৰণীয়া পশুধন ছাগলীৰ মৃত্যু হয় । স্থানীয় ৰাইজৰ অভিযোগ গাওঁখনৰ নৰেন্দৰ সিং নামৰ কৃষকগৰাকীয়ে পশু খাদ্যৰ লগত কীটনাশক ঔষধ মিহলাই তেওঁৰ খেতিপথাৰত ঠায়ে ঠায়ে ৰখাৰ ফলত চৰণীয়া ছাগলীয়ে কীটনাশক মিহলি পশুখাদ্যসমূহ খাই অসুস্থ হৈ পৰৱৰ্তী পৰ্যায়ত  মৃত্যু হয় । অভিযোগ অনুসৰি নৰেন্দৰ সিং নামৰ কৃষকগৰাকী আৰু পত্নীয়ে মৃ. ত.  ছাগলীকেইটাৰ প্ৰায়বোৰ ধনশিৰি নদীত উটুৱাই দিয়ে । নৰেন্দৰ সিং নামৰ কৃষকগৰাকীয়ে ছাগলী পালকসকলক প্ৰায়ে ভাবুকি প্ৰদান কৰি আহিছিল । কৃষকগৰাকীৰ কাম-কাজত অতিষ্ঠ স্থানীয় ৰাইজ । ৰাইজে স্থানীয় গাওঁবুঢ়াৰ সহযোগত সৰুপথাৰ আৰক্ষী থানাত ঘটনা সন্দৰ্ভত ইতিমধ্যে গোচৰ তৰিছে বুলি জানিব পৰা গৈছে । এতিয়া স্থানীয় দৰিদ্ৰ ছাগলী পালকসকলে বৰ্তমান ন্যায় পোৱাৰ আশাত অপেক্ষাৰত ।

Related Articles