
নিউজ ডেস্কঃ দীপাৱলীৰ প্ৰাকক্ষণত অৰ্থাত অহা মঙ্গলবাৰে সমগ্ৰ দেশ বাসীয়ে উদযাপন কৰিব ধণ তেৰছ। ধণ তেৰছৰ দিনটোত যিকোনো ধাতু ক্ৰয় কৰিলে গৃহস্থৰ ঘৰলৈ ধন-সম্পত্তি আহে বুলি জনবিশ্বাস অতীজৰে পৰা প্ৰচলিত হৈ আহিছে। সেইহে সমাগত ধন তেৰছক লৈ বিশ্বনাথত ব্যাপক প্ৰস্তুতি চলাইছে বিশ্বনাথৰ আ-অলংকাৰৰ বিপণি সমূহত।ধণ তেৰছ উপলক্ষে বিভিন্ন ধৰণৰ সোন ৰূপৰ সামগ্ৰী মজুত কৰিছে বিশ্বনাথৰ জুয়েলাৰীৰ বিপণি সমূহে।ধন তেৰছত গ্ৰাহক সকলক আকৰ্ষণ কৰিবলৈ বিভিন্ন কৌশল গ্ৰহণ কৰিছে জুয়েলাৰীৰ স্বতাধিকাৰী সকলে।সেইহে বিশ্বনাথ নগৰৰ মাঁ জুয়েলাৰী নামৰ জুয়েলাৰীখনৰ স্বতাধিকাৰী পাপন পালে ধনতেৰছ উপলক্ষে বিশেষ অফাৰ প্ৰদান কৰিছে।মাঁ জুয়েৰীত ৰূপৰ সামগ্ৰী নিৰ্মাণ কৰিলে মেকিং সম্পূৰ্ণ বিনামূলীয়া আৰু সোণৰ সামগ্ৰী নিৰ্মাণ কৰিলে মেকিং ৫০ শতাংশ প্ৰদান কৰি গ্ৰাহক সকলক আকৰ্ষণ কৰাৰ চেষ্টা চলাইছে।কভিড পৰিস্থিতিৰ বাবেই এই অফাৰ প্ৰদান কৰিছে বুলি স্বতাধিকাৰী পাপন পালে জানিব দিছে।মুঠতে বিশ্বনাথ জিলাৰ সকলো জুয়েলাৰী বিপণি সমূহে ধণ তেৰাছ উপলক্ষে গ্ৰাহক সকলক আকৰ্ষণ কৰিবলৈ বিভিন্ন কৌশল গ্ৰহণ কৰা দেখা গৈছে।