
দৰঙৰ বেছিমাৰীত ভয়ংকৰ দুৰ্ঘটনা। ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰবেগী ছুইফ্ট ডিজায়াৰ আৰু মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ। এই দুৰ্ঘটনাত থিতাতে নিহত হয় ছুইফ্ট ডিজায়াৰখনৰ ৫জন আৰোহী। আনহাতে, তিনিজন লোক আহত হয় এই দুৰ্ঘটনাৰ ফলত।তেজপুৰ অভিমুখী AS-13 CC-1002 নম্বৰৰ ট্ৰাকৰ সৈতে গুৱাহাটীমুখী AS-07G- 6794 নম্বৰৰ চুইফ্ট ডিজায়াৰ গাড়ীৰ মুখামুখি সংঘৰ্ষৰ ফলতে সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো।