
দৰঙৰ ধ্ৰুপদী নৃত্যৰ ধাৰক আৰু বাহক লগতে বিষ্ণু ৰাভা বঁটা প্ৰাপক ছিপাঝাৰৰ গৌৰৱ দ্ৰোণ ভূঞাৰ জীৱনৰ আধাৰত নিৰ্মান “আইৰন গাৰ্লচ” নামৰ কথাছবি ।
দৰঙৰ আপুৰুগীয়া কৃষ্টি দেওধনী নৃত্য আৰু সুকনান্নী ওজাপালিকে ধৰি দৰঙৰ ভিন্ন কৃষ্টি সংস্কৃতি প্ৰতিফলিত হব কথাছবিখনত ।
ছিপাঝাৰৰ কাপোৰপুৰি শিৱ মন্দিৰত দৰঙৰ কৃষ্টি সংস্কৃতিক বিশ্বৰ বুকুত দাঙি ধৰাৰ লক্ষ্যৰে ৰাজেন দাসৰ পৰিচালনাত নিৰ্মান হ’বলগীয়া “আইৰণ গাৰ্লচ” নামৰ কথাছবিখনৰ শুভ মহুৰত অনুষ্ঠান অনুষ্ঠিত হয় । ছবিখনত মূখ্য চৰিত্ৰত অভিনয় কৰিব দৰঙৰ ধ্ৰুপদী নৃত্যৰ ধাৰক আৰু বাহক , বিষ্ণু ৰাভা বঁটা প্ৰাপক ছিপাঝাৰৰ গৌৰৱ দ্ৰোণ ভূঞাৰ লগতে অসমৰ জনপ্ৰিয় অভিনেত্ৰী আশা বৰদলৈয়ে। ছবিখনত অসমৰ লোকশিল্পী সকলৰ জীৱন সংগ্ৰামক পৰিস্ফুত কৰাৰ চেষ্টা কৰা হ’ব বুলি জানিব দিয়ে ছবিখনৰ কৰ্মকৰ্তাই । শুভ মহুৰত অনুষ্ঠানত উপস্হিত থাকে বিশিষ্ট শিল্পী জীৱেন্দ্ৰ মোহন দেৱ শৰ্মা, ছিপাঝাৰৰ সাংস্কৃতিক উন্নয়ন বিষয়া ধনদা হাজৰিকা, দৰঙী কলা-কৃষ্টি উন্নয়ন সংঘৰ সম্পাদক কুলেন ডেকা, শিল্পী দীনবন্ধু চহৰীয়া, আব্দুল ৰফ আহমেদ।উল্লেখযোগ্য যে, পৰিচালক ৰাজেন দাসৰ পুতলা নাচক আধাৰ হিচাপে লৈ নিৰ্মান কৰা শেহতীয়া ছবি life in a puppet এ ইতিমধ্যে লাভ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাটাও পুৰস্কাৰেৰে পুৰস্কৃত হোৱাৰ পিছত এইবাৰ দৰঙৰ কৃষ্টি সংস্কৃতিক আধাৰ হিচাপে লৈ নিৰ্মান কৰিবলৈ ওলাইছে আইৰন গাৰ্লচ নামৰ কথা ছবিখন ।