
গ্ৰামাঞ্চলত যুৱকে স্থাপন কৰিলে অত্যাধুনিক চেলুন।কৰ্মসংস্কৃতিয়েহে নিৰ্ধাৰণ কৰে এটা জাতিৰ ভৱিষ্যত।কামৰ সৰু-বৰ বিচাৰ নকৰি কৰ্মমুখী হোৱা জনেই লাভ কৰে জীৱনৰ সফলতা । দেৰগাৱঁৰ দিচৈ চাৰিআলিৰ এগৰাকী যুৱক , নাম ফৰিড আলী। যুৱক জনে দুবছৰৰ পূৰ্বে স্বাৱলম্বীতাৰ বাবে হাতত তুলি লৈছিল এখন কেঁচী । জীৱিকাৰ অৰ্থে গ্ৰহণ কৰিছিল নাপিত বৃত্তি । আজি দুবছৰৰ পিছত এই গৰাকী যুৱকে গ্ৰামাঞ্চলত স্থাপন কৰিলে ‘ইনফিনিটি’ নামৰ শীত-তাপ নিয়ন্ত্ৰিত অত্যাধুনিক সা-সুবিধাৰে পৰিপূৰ্ণ এখন চেলুন । শুকুৰবাৰে স্থানীয় ৰাইজৰ উপস্থিতিত আনুষ্ঠানিক ভাৱে মুকলি কৰা হয় এই অত্যাধুনিক চেলুনখন । নাপিত বৃত্তি গ্ৰহনেৰে স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰা এইগৰাকী যুৱক এতিয়া হৈ পৰিছে বহুতৰে বাবে আদৰ্শ।