
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেৱল ভাৰততে নহয়, বিশ্বৰ আটাইতকৈ জনপ্ৰিয় নেতা হৈ পৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডাটা ইন্টেলিজেন্স ফাৰ্ম দ্য মৰ্নিং কনছাল্টৰ এটা জৰীপে এই কথা প্ৰকাশ কৰিছে। জৰীপটোত, প্ৰধানমন্ত্ৰী মোদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনকো অতিক্ৰম কৰিছে। জৰীপটোত মুঠ ১৩জন ৰাষ্ট্ৰপ্ৰধান প্ৰধানমন্ত্ৰী মোদীতকৈ পিছপৰি আছে।