


১) আদৰ্শ বিদ্যালয় সংগঠনৰ প্ৰথম বৈঠকত বিজ্ঞান আৰু গণিত মেলাৰ আয়োজন, এ আই অৰিয়েণ্টেশ্যন, পৰিৱেশত জোৰ দি যুৱ মনৰ মাজত বৈজ্ঞানিক মনোভাব গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা হয়।২) অসম মহাবিদ্যালয় শিক্ষক সন্থাৰ সৈতে আমাৰ চৰকাৰে তেওঁলোকৰ সামগ্ৰিক বিকাশ নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে আলোচনা কৰে৷৩) শিক্ষকসকলৰ দাবীক বিবেচনা কৰি ছুটী আৰু গ্ৰেড বেতনৰ সকলো বিষয়ৰ বাবে গ্ৰহণযোগ্য হোৱাকৈ চৰকাৰে এক ইতিবাচক স্থিতি ল’ব।৪) বিদ্যালয় প্ৰাদেশিকীকৰণ সম্পৰ্কীয় কেবিনেট উপ-সমিতিৰ সৈতে হোৱা বৈঠকত সকলোৱে প্ৰাদেশিকীকৰণৰ চৰ্তাৱলী আৰু ইয়াক ৰূপায়ণৰ বিভিন্ন পন্থা সম্পৰ্কে আলোচনা কৰে। লগতে বিষয়াসকলক ইয়াৰ বাবে ‘ডাটা ভেলিডেশ্যন’ ত্বৰান্বিত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে৷