sangbad lahar logo

দুধনৈত অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ …

কোৰণা মহামাৰীৰ ভয়াবহ সংক্ৰমণৰ বাবে ৰেড জ’ন ঘোষিত হোৱা গোৱালপাৰা জিলাত বন্যহস্তীৰ সন্ত্ৰাসে নিদ্ৰাহৰণ কৰিছে স্থানীয় ৰাইজৰ । বৰ্তমান সমগ্ৰ জিলা খনেই হৈ আছে কণ্টেইনমেণ্ট জ’ন ।তাৰ পৰিপ্ৰেক্ষিততে ক’ভিড-১৯’ৰ এই বিভিষীকাময় পৰিস্থিতিত গোৱালপাৰা জিলাত নিতৌ ঘৰ-দুৱাৰ ভাঙি উপদ্ৰৱ চলাইছে বন্যহস্তীৰ জাকে। বিশেষকৈ ৰংজুলি অঞ্চলত বনৰীয়া হাতীয়ে সদায়ে চলাই আহিছে তাণ্ডৱ । যোৱা নিশা মেঘালয়ৰ গাৰো পাহাৰৰ পৰা নামি অহা এটা বন্যহস্তীৰ জাকে ৰংজুলি গাৰোপাৰা গাঁৱত সোমাই তীব্ৰ আতংকৰ সৃষ্টি কৰে।অসম-মেঘালয় সীমান্তৰ শৰণীয়াপাৰা গাঁৱত কেইবাটাও পৰিয়ালৰ ঘৰ দুৱাৰ ভাঙি অসমৰ ১৭ নং ৰাষ্ট্ৰীয় পথ পাৰ হৈ ৰংজুলি গাৰোপাৰা গাঁৱত উপদ্ৰৱ চলায় । গাঁও খনৰ ৱাচিংটন মমিন, হেডিংচন মাৰাক আৰু এণ্টনি চাংমাৰ কেইবাটাও ঘৰ-দুৱাৰ ভাঙি, ধান-চাউল খাই তহিলং কৰে l হাতীৰ জাকটোয়ে পথাৰৰ কঠিয়াতলীয়ো গচকি বিনষ্ট কৰি যায় আনহাতে গোটেই নিশা ৰাইজে হাতী জাক খেদি খেদি আজি পুৱতি নিশাহে গাঁৱৰ পৰা উলিয়াই পঠিয়াবলৈ সক্ষম হয় ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *