গীতা বসৰাৰ সৰুৰে পৰা এটাই সপোন আছিল অভিনেত্ৰী হোৱা । হিন্দী চলচ্চিত্ৰ জগতৰ শীৰ্ষ অভিনেত্ৰীসকলৰ ভিতৰত থকাৰ এক সপোন পুহি ৰাখিছিল গীতাই । সেয়ে, লণ্ডনত পৰিয়াল এৰি টিনচেল চহৰলৈ আহিছিল কেৱল শৈশৱৰ ইচ্ছা পূৰণ কৰাৰ লক্ষ্যৰে । কিন্তু তেওঁ নিজৰ কামতকৈ ব্যক্তিগত সম্পৰ্ককহে বেছি গুৰুত্ব দিছিল ।যাৰ বাবে ক্ৰমান্বয়ে তেওঁৰ আশাসমূহ আধৰুৱা হৈ ৰৈছিল । ১৯৮৪ চনৰ ১৩ মাৰ্চত ইংলেণ্ডৰ পৰ্টছমাউথৰ এটা পাঞ্জাবী পৰিয়ালত জন্মগ্ৰহণ কৰিছিল গীতাই । লণ্ডনতে শৈশৱ আৰু কৈশোৰ কাল পাৰ কৰিছিল তেওঁ । পঢ়া- শুনা লণ্ডনতে কৰিছিল । গীতাৰ সদায় অভিনেত্ৰী হোৱাৰ ইচ্ছা আছিল । কিন্তু হলিউডত নহয়, হিন্দী চলচ্চিত্ৰ জগতত কাম কৰিব বিচাৰিছিল । গীতাই তাইৰ সপোনৰ কথা মাক-দেউতাকক ক’লে । কন্যাৰ ইচ্ছাৰ মূল্যও দিলে । ১৯ বছৰ বয়সত গীতাই পিতৃ-মাতৃক এৰি লণ্ডনৰ পৰা মুম্বাইলৈ গুচি আহিছিল । অভিনেত্ৰী হোৱাৰ সপোন দেখিছিল যদিও উদ্যোগটোৰ বিষয়ে তেওঁ অৱগত নাছিল । ইটোৰ পিছত সিটোকৈ অডিচন দিছিল আৰু বহু চলচ্চিত্ৰ নিৰ্মাতাইও তেওঁক নাকচ কৰিছিল । লণ্ডনত ডাঙৰ-দীঘল হোৱা গীতা হিন্দী ভাষাত বৰ সাৱলীল নাছিল । সেয়ে হিন্দী ভাষা শিকাত তেওঁ যথেষ্ট কষ্ট কৰিবলগীয়া ও হৈছিল । গীতাই মুম্বাইৰ এখন স্বনামধন্য প্ৰতিষ্ঠানৰ পৰা অভিনয়ৰ প্ৰশিক্ষণ লৈছিল । ২০০৬ চনত গীতাই ডাঙৰ পৰ্দাত অভিনয় কৰাৰ সুযোগ পাইছিল । আদিত্য দত্তৰ পৰিচালিত ‘দিল দিয়া হায়’ ছবিত তেওঁ কাম কৰিছিল । গীতাই প্ৰথমে ইমৰাণ হাছমী, মিথুন চক্ৰৱৰ্তী আদি তাৰকাৰ সৈতে অভিনয় কৰিছিল । কিন্তু ছবিখন বক্স অফিচত বিফল হৈছিল । কেৰিয়াৰৰ প্ৰথমখন ছবি ফ্লপ হ’লেও বলীপাৰাত গীতাৰ নামটো বেলেগ ধৰণেৰে পুনৰ আহিছিল । প্ৰথমখন চিনেমাত ইমৰাণৰ সৈতে কাম কৰাৰ বাবে সকলোৱে ভাবিছিল যে গীতা এগৰাকী ‘সাহসী’ অভিনেত্ৰী হিচাপে কাম কৰিছিল । ‘দিল দিয়া হায়’ মুক্তিৰ এবছৰৰ পাছত গীতাৰ কেৰিয়াৰৰ দ্বিতীয়খন ছবি ‘দ্য ট্ৰেইন’ মুক্তি পাইছিল । এই ছবিখনত তেওঁক ইমৰাণৰ বিপৰীতে অভিনয় কৰাও দেখা গৈছে । সেই সময়লৈকে ইমৰাণ ইণ্ডাষ্ট্ৰীত ‘চিৰিয়েল কিছাৰ’ নামেৰে পৰিচিত হৈ পৰিছিল । দ্বিতীয়খন ছবিতো ইমৰাণৰ সৈতে কাম কৰি থকা দেখি বালিপাৰাৰ কেইজনমান নিৰ্মাতাই ধৰি লৈছিল যে গীতা কোনো দীঘলীয়া দৌৰৰ ঘোঁৰা নহয় । দীৰ্ঘদিনীয়া বিৰতিৰ অন্তত গীতাই ডাঙৰ পৰ্দালৈ ঘূৰি অহাৰ সিদ্ধান্ত লৈছে । গীতাক দেখা যাব পৱন ৱাদেৱাৰৰ পৰিচালনাত নিৰ্মিত নাট্য ছবি ‘নটাৰী’ত । বঙালী অভিনেতা পৰমব্ৰত চেটাৰ্জীৰ বিপৰীতে অভিনয় কৰা দেখা যাব ।