
কাইলৈ পোহৰৰ উৎসৱ দীপাৱলী। শৰৎ কালত পালন কৰা হিন্দু ধৰ্মৰ আটাইতকৈ জাকজমতাৰ উৎসৱেই হৈছে দীপাৱলী বা দীপান্বিতা ৷ কাতি মাহৰ অমাৱস্যা তিথিৰ দিনা পালন কৰা হয় “দীপাৱলী”।

এই উৎসৱক পোহৰৰ উৎসৱ বুলিও কোৱা হয় ৷ সেয়ে, অন্ধকাৰক নাশিবলৈ, শাৰী শাৰী বন্তি প্ৰজ্বলনেৰে চৌদিশে পোহৰাই তোলা হয় দীপাৱলীৰ নিশা ৷ লোকসমাজত “দেৱালী” বুলিও কোৱা হয় এই পোহৰৰ উৎসৱক। দেৱালী দুৰ্গা পূজাৰ দশমী তিথিৰ ১৮ দিনৰ পিছত অনুষ্ঠিত হয়। দেৱালী ধনতেৰাচৰ দিনাৰ পৰা আৰম্ভ হয়। ইয়াৰ দ্বিতীয় দিনা নৰক চতুৰ্দশী বোলা হয়। দক্ষিণ ভাৰতত এই দিনকে মূল দেৱালী বুলি পালন কৰা হয়। পশ্চিম, পূৱ আৰু উত্তৰ ভাৰতত তৃতীয় দিনা মূল দেৱালী অনুষ্ঠিত হয়। এই দিনটোতে পশ্চিম আৰু উত্তৰ ভাৰতত লক্ষ্মী পূজা আৰু পূব ভাৰতত কালী পূজা অনুষ্ঠিত হয়। চতুৰ্থ দিনা গোবৰ্ধন পূজা অনুষ্ঠিত হয় আৰু পঞ্চম দিনা ভাতৃ দ্বিতীয়াৰে দেৱালী উৎসৱৰ সামৰণি পৰে।ভাতৃ দ্বিতীয় ভাতৃ-ভগ্নীৰ মাজৰ সম্পৰ্কৰ প্ৰতি উৎসৰ্গিত ৰাখীবন্ধনৰ সমকক্ষ উৎসৱ। হিন্দু আৰু শিখ সম্প্ৰদায়ৰ কিছু লোকে সেইদিনা নিজৰ কৰ্মস্থলীত সা-সঁজুলি, যন্ত্ৰ-পাতি আদিৰ উদ্দেশ্যে বিশ্বকৰ্মা পূজা পাতে।
এই উৎসৱ পালনৰ কেইবাটাও পুৰনি আখ্যান পোৱা যায় শাস্ত্ৰত। ১/ ৰামায়ণত উল্লেখ কৰা অনুযায়ী ৰাক্ষস ৰাজ লংকাধিপতি দশাননক বধ কৰি অযোধ্যালৈ উভতি আহোঁতে অযোধ্যাৰ প্রজাসকলে পদূলিয়ে পদূলিয়ে চাকি জ্বলাই আনন্দ উৎসৱ কৰি ৰামচন্দ্রক আদৰণি জনাইছিল আৰু তেতিয়াৰ পৰাই সেই দিনটোত দীপান্বিতা পালন কৰা হয়। আকৌ অন্য এক প্রবাদমতে ২/ দ্বাপৰ যুগত বৰাহৰূপী বিষ্ণু আৰু বসুমতীৰ পুত্র নৰকাসুৰে স্বর্গলোক আক্রমণ কৰি দেৱতাসকলৰ সর্বস্ব কাঢ়ি আনিলে।কোনো শক্তিৰে অসুৰক পৰাস্ত কৰিব নোৱাৰি দেৱৰাজ ইন্দ্র শ্রীকৃষ্ণৰ শৰণাপন্ন হয়।ভকত বৎসল ভগৱন্তই ভকতৰ দুখ দূৰ কৰি নৰকাসুৰক নিধন কৰিলে। অসুৰ নাশ হোৱা বাবে তিনিওলোকতে চাকি জ্বলাই আনন্দ উৎসৱ কৰিছিল।আৰু প্রবাদ অনুযায়ী তেতিয়াৰ পৰাই দীপান্বিতা পালন কৰা হয়।
13,885 Comments