
পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। তেনে সময়তে এতিয়া ব্যস্ততা বাঢ়িছে ৰাজ্যৰ মৃৎ শিল্পী সকলৰ। বজাৰ ভৰিছে চীনত নিৰ্মিত বিভিন্ন ৰঙ বিৰঙী পোহৰেৰে। তাৰ মাজতে কিন্তু বছৰ বছৰ ধৰি পৰম্পৰা জীয়াই ৰখাৰ চেষ্টা তীৰ্থনগৰী হাজোৰ কুমাৰপাৰা অঞ্চলৰ এইসকল মৃৎ শিল্পীৰ। দীপাৱলীৰ প্ৰাকক্ষণত এইসকল শিল্পীৰ এতিয়া ব্যস্ততাৰ অন্ত নাই। পোহৰৰ উৎসৱ দীপাৱলীৰ বাবে এইদৰে মাটিৰ চাকি তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে এওঁলোক। কাৰণ দীপাৱলী আহিলেই এওঁলোকৰ মুখত বিৰিঙি উঠে হাঁহি। দীপাৱলীৰ সময়ত দুই-এপইচা উপাৰ্জনৰ সময় এইসকল শিল্পীৰ। চীনৰ ৰং-বিৰঙী লাইটৰ লগতে বহিঃৰাজ্যৰ চাকিৰে বজাৰ ভৰিলেও অসমীয়া শিল্পীয়ে হাতেৰে তৈয়াৰ কৰা মাটিৰ চাকিৰ সমাদৰ আছে বজাৰত। সেয়ে হাজোৰ কুমাৰপাৰাত চলিছে এতিয়া যুদ্ধকালীন প্ৰস্তুতি। এইবেলি কুমাৰপাৰা অঞ্চলৰ এইগৰাকী মৃৎ শিল্পীয়ে দীপাৱলীৰ বাবে তৈয়াৰ কৰিছে বিভিন্ন প্ৰকাৰৰ প্ৰায় ৫০ হাজাৰ চাকি। মুঠতে পোহৰৰ উৎসৱ দীপাৱলীলৈ প্ৰস্তুতি তুংগত এইসকল থলুৱা শিল্পীৰ।