
পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৷ ইতিমধ্যে দীপাৱলীক লৈ ব্যস্ততা বৃদ্ধি পাইছে মৃৎ শিল্পীসকলৰ ৷ মাটিৰ চাকি নিৰ্মাণত ব্যস্ত হৈ পৰিছে মৃৎ শিল্পীসকল ৷ বাক্সা জিলাৰ বাগানপাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত পলাচী গাওঁৰ মৃৎ শিল্পীসকলৰো বৃদ্ধি পাইছে ব্যস্ততা ৷ গাওঁখনৰ প্ৰায় পোন্ধৰটা পৰিয়ালৰ মহিলা সকলৰ মাজত বৃদ্ধি পাইছে সীমাহীন ব্যস্ততা ৷ মাটিৰ চাকিৰ লগতে অন্যান্য বাচন-বৰ্তনো নিৰ্মাণ কৰাৰ বাবে উঠিপৰি লাগিছে মৃৎশিল্পৰ লগত জড়িত মহিলাসকল ৷ তেওঁলোকে জানিবলৈ দিয়া মতে সমাগত দীপাৱলীৰ বাবে প্ৰতিটো পৰিয়ালতে পাঁচৰ পৰা দহ হেজাৰ পৰ্যন্ত মাটিৰ চাকি তৈয়াৰ কৰিছে ৷ কোনো মেচিন অবিহনে হাতেৰে তৈয়াৰ কৰা এই চাকিসমূহ বাক্সা জিলাৰ বাগানপাৰা, ডুমুনী, সূৱণখাটা, বৰিমাখা, বৰমা আদি বজাৰত বিক্ৰী কৰি তেওঁলোকে পৰিয়াল পোহপাল দি আহিছে ৷ চৰকাৰী সাহাৰ্য অবিহনে এই সকল মৃৎ শিল্পীয়ে আজোককাৰ দিনৰে পৰা চলি অহা পৰম্পৰাগত শিল্পবিধক জীয়াই ৰাখিছে ৷ সম্প্ৰতি কেচামালৰ মূল্যবৃদ্ধি আৰু নৱ প্ৰজন্মৰ এই শিল্পটোৰ প্ৰতি আগ্ৰহ কম যদিও একাংশই জীয়াই ৰাখিছে এই শিল্পটোক ৷ মৃৎ শিল্পীসকলে চৰকাৰক আহ্বান জনাইছে যে এই শিল্পটোক জীয়াই ৰখাৰ স্বাৰ্থতেই তেওঁলোকক চৰকাৰে কিছু সাহাৰ্য প্ৰদান কৰক ৷