ডিগবৈৰ দিহিং পাটকাই ইক’ডিছক’ভাৰী চেণ্টাৰ আৰু বাম্বুছেটাম বগাপানী এলেকাত ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আপাৰ দিহিং সংৰক্ষিত বনাঞ্চলত থকা গছ গছনিৰ উদ্যান ‘আৰবৰেটাম’ ত এই চেণ্টাৰটো। এখন বাঁহ গছৰ উদ্যান আৰু সংগ্ৰহালয় ‘বেম্বচেটাম’। এই দুয়োটা প্ৰকল্পৰ বাবে অইল ইণ্ডিয়া লিমিটেডে বসুন্ধৰা আঁচনিৰ জৰিয়তে সমুদায় ধন ব্যয় কৰে।ডিগবৈ বন সংমণ্ডল প্ৰাধিকাৰী পি চি ৰঞ্জিঠ ৰামে সদৰি কৰা মতে এই চেণ্টাৰটোত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ লগতে তিনিচুকীয়া জিলাৰ প্ৰাকৃতিক সম্পদৰ চিহ্ন সংৰক্ষণ কৰা হৈছে।ইয়াত বিশেষকৈ ছাত্ৰ-ছাত্ৰী আহি জিলাখনৰ জীৱ বৈচিত্ৰ্যৰ সম্যক জ্ঞান লাভ কৰিব পাৰিব। বাঁহ উদ্যান আৰু সংগ্ৰহালয় ‘বেম্বচেটাম’ত অসমৰ ৫০ বিধ বাঁহ গছ ৰোপণ কৰা হৈছে। এই আৰবৰেটাম’ত ডিগবৈ ৰাষ্ট্ৰীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আজি উপস্থিত হৈ ক্ষেত্ৰ অধ্যয়ন কৰে।
