

আজি দিশপুৰস্থিত জনতা ভৱনত সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ অধীনস্থ বিভিন্ন কাম-কাজৰ বুজ লোৱাৰ অৰ্থে এখন পৰ্যালোচনা বৈঠকত মিলিত হয় মন্ত্রী পিযুষ হাজৰিকা।
বৈঠকত তৃতীয় লিংগৰ লোকসকলৰ বাবে পৰিচয় পত্ৰ, প্ৰাথমিকৰ পৰা স্নাতকোত্তৰ পৰ্যন্ত আৰু চিকিৎসা তথা প্ৰযুক্তিগত শিক্ষাৰ ক্ষেত্ৰত বিশেষভাৱে সক্ষম শিক্ষার্থীসকলৰ বাবে ৰাজ্যিক বৃত্তি প্ৰদান, দীনদয়াল দিব্যাংগজন পুনঃসংস্থাপন আঁচনি, বয়োজ্যেষ্ঠ লোকসকলৰ বাবে কল্যাণমূলক আঁচনি, ৰাজ্যিক মাদক দ্ৰব্যবিৰোধী কেন্দ্ৰৰ কাম-কাজ আদিৰ বুজ লোৱাৰ লগতে পৰ্যালোচনা কৰে।
বিভাগৰ অধীনত নতুন কল্যাণমূলক আঁচনিসমূহত অধিক ব্যক্তিক অন্তৰ্ভুক্ত কৰাৰ উদ্দেশ্যে সজাগতা অভিযানৰ প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰে মন্ত্রী পিযুষ হাজৰিকাই। আনহাতে, তৃতীয় লিংগৰ লোকসকলৰ সংস্থা, বিশেষভাৱে সক্ষম লোকসকলৰ সংস্থা, নিচামুক্তি আৰু পুনৰ্বাসন কেন্দ্ৰৰ সংস্থা আদিৰ প্ৰতিনিধিৰ সৈতে বিভিন্ন বিষয়ত আলোচনাৰ অৰ্থে বৈঠকত মিলিত হোৱা কথা প্ৰকাশ কৰে মন্ত্ৰীগৰাকিয়ে।
বৈঠকত অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ সঞ্চালকালয়ৰ অধীনত ৰূপায়ণ কৰা বিভিন্ন আঁচনি, পিএম-অজয় আঁচনি, জিলাভিত্তিক প্ৰধানমন্ত্ৰী আদৰ্শ গ্ৰাম যোজনাৰ দ্বিতীয় পৰ্যায়ৰ স্থিতি আদিৰ বিষয়েও বুজ লই।
আজিৰ সভাত বিভাগৰ আয়ুক্ত সচিব শ্ৰী পল্লৱ গোপাল ঝা ডাঙৰীয়া, বিভাগৰ সঞ্চালক শ্ৰী ভাস্কৰ জ্যোতি মান্তা ডাঙৰীয়া, অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ সঞ্চালকালয়ৰ সঞ্চালক ড° কুলশ্ৰী নাথ সহ বহুকেইগৰাকী বিষয়া উপস্থিত থাকে।