sangbad lahar logo

দিল্লীত প্ৰতিদিনে বৃদ্ধি পাইছে শীতৰ প্ৰকোপ৷ অৰেঞ্জ এলাৰ্ট জাৰি।

বৃহস্পতিবাৰে পুৱাৰ ভাগত ৰাজধানী দিল্লীত এই বৰ্ষৰ সৰ্বনিম্ন তাপমাত্ৰা ২.৮ ডিগ্ৰী চেলচিয়াছ হয়গৈ।বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি, দিল্লীৰ সফদৰজঙত নূন্যতম তাপমাত্ৰা ৩.০ ডিগ্ৰী চেলচিয়াছ হোৱাৰ লগতে লোধী ৰোডত ২.৮ ডিগ্ৰী চেলচিয়াছ। আনহাতে হাড় কপোৱা ঠাণ্ডাৰ বাবে সমগ্ৰ দিল্লীতে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। আগন্তুক ৬ আৰু ৭ জানুৱাৰীত শীতৰ প্ৰকোপ অধিক বৃদ্ধি পোৱাৰ আকংশা কৰা হৈছে দিল্লীত ।

Related Articles