sangbad lahar logo

দিল্লীত অৱস্থিত PRO  PANJA  LEAGUE ত KIRAAK HYDERABAD TEAM  ৰানাৰ্চ আপ খিতাপ অৰ্জন ।

দিল্লী ইণ্ডিয়া গান্ধী ষ্ট্ৰেডিয়ামত হোৱা ১৮ জুলাইৰ পৰা ১৩ আগষ্টলৈ অনুষ্ঠিত প্ৰৰ’ পাঞ্জা লীগৰ চূড়ান্ত খেলত কিৰাক হাইদৰাবাদ টিমে ৰাৰ্ণাছ আপ লাভ কৰি সুনাম অৰ্জন কৰে  ।  উক্ত টিমত অসমৰ চাৰিগৰাকী পাঞ্জা খেলুৱৈ ক্ৰমে- তিনিচুকীয়া জিলাৰ ডিগবৈৰ জগদীশ বৰুৱা (১০০কেজি), গুৱাহাটীৰ সিদ্ধাৰ্থ মালাকাৰ (৯০কেজি),  নগাঁওৰ চাহিল হুছেইন (৭০কেজি) আৰু তেজপুৰৰ পূৰ্ণিমা বৰাই (৫৫কেজি) উন্নত খেল প্ৰদৰ্শন কৰিছিল । ভাৰতত বিশ্বৰ ভিতৰতে প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা পাঞ্জা লীগ খেলত মুঠ ৬টা টিমে যোগদান কৰিছিল । কিৰাক হাইদৰাবাদ টিমে ৬ খন চুপাৰ মেচৰ ৪ খনত উইনাৰ হৈছিল । দিল্লীত চি অ প্ৰভিন দাৱাচ আৰু প্ৰীতি জাঙ্গিয়ানীৰ তত্বাৱধানত অনুষ্ঠিত প্ৰৰ’ পাঞ্জা লীগত ডিগবৈৰ জগদীশ বৰুৱাই সুনাম অৰ্জন কৰাৰ বাবে ডিগবৈ গাওঁৰক্ষী বাহিনীয়ে আদৰি আনি ৰাজহুৱা সম্বৰ্ধনা জনায় ডিগবৈ ফিটনেছ ইউনিচেস্ক’ জিমৰ স্বত্বাধিকাৰ জগদীশ বৰুৱাই ।

Related Articles