
নিউজ ডেস্ক: অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰি প্ৰথমবাৰৰ বাবে দিনযোৰা কাৰ্যসূচীৰে চতিয়া সমষ্টিত উপস্থিত হোৱা অসমৰ মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই প্ৰতিকূল পৰিৱেশৰ বাবে কিছু পলমকৈ বিশেষ বিমানযোগে তেজপুৰত উপস্থিত হৈ পিছত গাড়ীৰে নাগশংকৰত উপস্থিত হয়। নাগশংকৰত মুখ্যমন্ত্ৰী চিগনেচাৰ প্ৰকল্পৰ অধীনত পঞ্চাছ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত অত্যাধুনিক ষ্টেডিয়ামখনি উদ্ধোধন কৰে। ষ্টেডিয়ামখনি উদ্ধোধন কৰি ষ্টেডিয়াম পৰিচালনা সমিতিয়ে আয়োজন কৰা এখন ৰাজহুৱা সভাক সম্বোধন কৰি ষ্টেডিয়ামখনিৰ নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ তথা খেলাৰ বাবে উপযুক্ত কৰি তুলিবলৈ আৰু দহ কোটি টকাৰ আৰ্থিক অনুদান ঘোষণা কৰে। সভাৰ আৰম্ভণিত মুখ্যমন্ত্ৰী গৰাকীক ষ্টেডিয়াম পৰিচালনা সমিতি, স্থানীয় বহু কেইটা অনুষ্ঠান-প্ৰতিষ্ঠানে সম্বৰ্ধনা জ্ঞাপন কৰে। এই উদ্ধোধনী অনুষ্ঠানত শোণিতপুৰ-বিশ্বনাথৰ তত্বাবধায়ক মন্ত্ৰী পীয়ুষ হাজৰিকা, তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস, অসম চৰকাৰৰ কেবিনেট মৰ্যাদা প্ৰাপ্ত তথা চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, বৰছলাৰ বিধায়ক গণেশ কুমাৰ লিম্বু, ৰঙাপৰাৰ বিধায়ক কৃষ্ণ কমল তাঁতীকে প্ৰমুখ্য কৰি বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত আছিল। ইয়াৰ পিছতে জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰ ভাওনাথলীৰ নিৰ্মানাধীন প্ৰকল্পৰ তদাৰক কৰে। এই সময়ত ছোৱাতে বাৰেচহৰ ভাওনা সমিতিকে প্ৰমুখ্য কৰি জামুগুৰিহাটৰ বহুকেইটা অনুষ্ঠান-প্ৰতিষ্ঠানে মুখ্যমন্ত্ৰীক সম্বৰ্ধনা জনায়। ইয়াৰ পিছতে জামুগুৰিৰ শলগুৰিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা ভৰলীপৰীয়া কণ্যকা বহুমুখী পাম সংযোগী মুখ্যমন্ত্ৰী চিগনেচাৰ প্ৰকল্পৰ অধীনত নিৰ্মিত পথৰ শুভ উদ্ধোধন কৰে। উল্লেখযোগ্য যে প্ৰতিকুল বতৰৰ বাবে চকীঘাটত নিৰ্ধাৰিত চৰকাৰী কাৰ্যসূচীত মুখ্যমন্ত্ৰীগৰাকীয়ে অংশ লব নোৱাৰিলে যদিও ভৰলী পৰীয়া কণ্যকা বহুমুখী পামৰ নৱনিৰ্মিত অতিথিশালাৰ শুভ উদ্ধোধন কৰে মুখ্যমনত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই। কণ্যকাৰ পিছতেই প্ৰায় ৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা টুপীয়া-বালিজুৰি সংযোগী পথটিৰ শুভ উদ্ধোধন কৰে মুখ্যমন্ত্ৰীয়ে। উল্লেখযোগ্য যে চতিয়া বিধান সভা সমষ্টিৰ উত্তৰ পাৰ তথা অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী বালিজুৰিত ১ কোটি ৩৯ টকা নিৰ্মাণ ব্যয় সাপেক্ষে নিৰ্মাণ হবলগীয়া নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু ২ কোটি ৪০ লাখ টকাৰে নিৰ্মাণ হবলগীয়া বালিজুৰি সাপ্তাহিক বজাৰৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ পিছেত ১ কোটি ৩৭ লাখ ব্যয় সাপেক্ষে চতিয়া-নাগশংকৰৰ সীমাৱৰ্তী চেঙামাৰীত নিৰ্মাণ হবলগীয়া চেঙামাৰী নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰো আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰীৰ বালিজুৰি যাত্ৰাৰ কালত অসমৰ এক উল্লেখযোগ্য জনগোষ্ঠী গোৰ্খা জনগোষ্ঠীৰ লোকে ৰাস্তাৰ দুয়োকাষে থিয় হৈ পুষ্প বৃষ্টি কৰাৰ লগতে পুৰোহিতৰ মঙ্গল বচন তথা শঙ্খ ধ্বনিৰে আঁদৰণি জনায় যদি চৰকাৰী কাৰ্যসূচী সম্পাদন কৰি গৃহাভিমুখী হোৱাৰ পথত ৰাস্তাৰ দুয়োকাষে চাকি এগচিকৈ জলাই মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন কৰে। সন্ধিয়া পৰৰ এই নয়নাভিৰাম দৃশ্যই সকলোৰে উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীয়ে এই যাত্ৰা কালতে বেদখলকাৰীৰ কৱলৰৰ পৰা মুক্ত কৰা ভূমি তথা স্থানীয় নিৱনুৱা যুৱসকলে কৰা কৃষি কাৰ্য কৰা ছকীঘাট পৰিদৰ্শন কৰাৰ লগতে জামুগুৰি-পানপুৰ সংযোগী ৰাস্থা আৰু এটি পানী যোগান আঁটনি উদ্ধোধন কৰাৰো কথা আছিল যদিও বৰষুণ বতৰৰ বাবে এইখিনি মুৰকত সম্ভৱ হৈ নুঠিল। মুখ্যমন্ত্ৰীগৰাকীৰ আজিৰ এই দিনযোৰা কাৰ্যসূচীত অসম চৰকাৰৰ জলসম্পদ, তথ্য ও জনসংযোগ বিভাগৰ মন্ত্ৰী পিযুষ হাজৰিকা, সাংসদ পল্লৱ লোচন দাস, চতিয়া, বিশ্বনাথ, তেজপুৰ, ৰঙাপৰা, বৰছলাৰ বিধায়ক, শোণিতপুৰ-বিশ্বনাথৰ উপাযুক্তকে প্ৰমুখ্য কৰি অনেক গন্যমান্য ব্যক্তিসকল উপস্থিত আছিল।