দক্ষিণ বিজনী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শোভাযাত্রা।

আজি দক্ষিণ বিজনী উচ্চ মাধ্যমিক pmc বিদ্যালয়ৰ পৰা ‘বিদ্যাৰম্ভ’ নামেৰে শোভা যাত্রা ওলোৱা হয়। পতাকা উত্তোলনৰে বিদ্যাৰম্ভ শোভাযাত্রা মুকলি কৰে বিদ্যালয়ৰ প্রধান শিক্ষক হুছেইন আলী ডাঙৰীয়াই। যি সময়ত ছাত্ৰ ছাত্ৰী বেচৰকাৰী বিদ্যালয়মুখী হব ধৰিছে ঠিক সেই সময়তে প্রধান শিক্ষক হুসেন আলী ডাঙৰীয়াৰ নেতৃত্বত ছাত্ৰ ছাত্ৰীক চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰিবলৈ আহবান জনায়।

তাৰোপৰি pmc বিদ্যালয়ৰ সুবিধা সমূহ উল্লেখ কৰি কয় যে আমাৰ দক্ষিণ বিজনী বিদ্যালয়ত যাবতীয় শৈক্ষিক সুবিধা সমূহ উপলব্ধ আছে যেনে স্মাৰ্ট বৰ্ড/ডিজিটেল শিক্ষণ সঁজুলিৰ সৈতে সুসজ্জিত শ্ৰেণীকোঠা, আধুনিক সঁজুলিৰে বিজ্ঞান আৰু কম্পিউটাৰ লেব,বহুতো কিতাপ, আলোচনী, আৰু ডিজিটেল সম্পদৰ সৈতে পুথিভঁৰাল তাৰোপৰি খেল ধেমালিৰ বাবে পাব প্ৰতিটো সুবিধা। সেয়ে আজি বিদ্যাৰম্ভ পদযাত্রাৰে প্রধান শিক্ষক জনে দক্ষিণ বিজনী উচ্চ মাধ্যমিক pmc বিদ্যালয়ত নামভৰ্তি কৰি যাবতীয় সুবিধা সমূহ গ্ৰহণ কৰিবলৈ আহবান জনায়।