তেলাহী আঞ্চলিক ঈদগাহ স্থলীত ঈদুল ফিটৰৰ সমূহীয়া নামাজ…

তেলাহী আঞ্চলিক ঈদগাহ স্থলীত ঈদুল ফিটৰৰ সমূহীয়া নামাজ আদায় কৰিলে ইছলাম ধৰ্মাৱলম্বী লোকসকলে।ৰমজান মাহৰ মাহজোৰা ৰোজাৰ অন্তত আজি সমগ্ৰ দেশৰ লগতে অসমতো ঈদ উল্ ফিতৰ উপলক্ষে ব্যাপক উছাহ দেখা গৈছে। ঈদ উপলক্ষে সকলো ওলাই আহি ঈদৰ নামাজ পঢ়া দেখা গৈছে।

প্ৰেম-ভাতৃত্ববোধৰ বাৰ্তাৰে ইজনে আনজনক জনাইছে ঈদৰ শুভেচ্ছা। তেলাহী আঞ্চলিক ঈদগাহ স্থলীত ঈদক লৈ দেখা গৈছে উখল-মাখল পৰিৱেশ।এনেদৰেই ঈদুল ফিটৰৰ সমূহীয়া নামাজ আদায় কৰিলে ইছলাম ধৰ্মাৱলম্বী লোকসকলে