তিনিচুকীয়া জিলাৰ লিডুত এজন যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য।

লিডুৰ টিৰাপ কলিয়ৰীত আজি পুৱা উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ। মেঘালয়ৰ নেপালী সম্প্ৰদায়ৰ যুৱকজনৰ নাম কাঞ্চা বুলিয়েই সৰ্বসাধাৰণৰ মাজত পৰিচিত। দীৰ্ঘ দিন ধৰি যুৱকজনে কয়লা খনিত কয়লা তোলা কামত জড়িত আছিল।আন এক সূত্ৰৰ মতে ড্ৰাগছ আসক্ত আছিল কাঞ্চা নামৰ যুৱকজন।অৱশ্য আৰক্ষীৰ তদন্তৰ পিছতহে প্ৰকৃত ঘটনাৰ ৰহস্য উদ্ঘাটন হ’ব।