তিনিচুকীয়া জিলাৰ লিডুত নিখিল ভাৰত কৃষক সভাৰ অসম ৰাজ্যিক কমিটীৰ সংবাদমেল।

নিখিল ভাৰত কৃষক সভাৰ অসম ৰাজ্যিক কমিটি সহকাৰী সম্পাদক সঞ্জীৱ গাংগুলীয়ে সংবাদ মেল সম্বোধন কৰে।ভাৰতীয় বীৰ মহিলা সেনা বিষয়া চফিয়া কুৰেছী সম্পৰ্কত বিজেপিৰ নেতা বিজয় শ্বাহে কটু মন্তব্য বাবে তেওঁ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় সঞ্জীৱ গাংগুলীয়ে। তদুপৰি গুৱাহাটী ক্লাবৰ সন্মুখত থকা লক্ষীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তি আঁতৰাবলৈ চৰকাৰে কৰা প্ৰচেষ্টাক সমালোচনা কৰে।দাৰা বিলৰ অবৈধ খননৰ ফলত বিলত থকা ডলফিন মৃত্যু মূখত পৰা বুলি অভিযোগ উত্থাপন কৰি দাৰা বিলক সংৰক্ষণ কৰিবলৈ দাবী জনায়। একেদৰে লিডুৰ শংকৰদেৱ বিদ্যালয়ৰ অনিষ্ট সাধন কৰা দুস্কৃতিকাৰীক চিনাক্ত কৰি শাস্তি বিহিবলৈ দাবী উত্থাপন কৰে।