ঘটনাৰ বিৱৰণী মতে, মঙ্গলবাৰে মধ্যনিশা সুৰাসক্ত অৱস্থাত থকা মুকেশ মাঝি নামৰ ব্যক্তিজনে নিজৰে পত্নী মৌচুমী মাঝিক মাৰপিট কৰাৰ লগতে মহিলা গৰাকীক ডিঙি চেপা দিয়ে । আজি ৰাতিপুৱা পত্নী অচেতন অৱস্থাত থকা মৌচুমী মাঝিক ফিল’বাৰী আদৰ্শ চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ১০৮ এম্বোলেন্স সেৱাৰ জৰিয়তে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । তিনিচুকীয়ালৈ নিয়াৰ পিছত তাত চিকিৎসকে মৃত বুলি ঘোষণা কৰে । তিনিচুকীয়াৰ আৰক্ষীয়ে পত্নী হত্যাকাৰী মুকেশ মাঝিক চিকিৎসালয়ৰ পৰাই গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে ।