sangbad lahar logo

তিনিচুকীয়া জিলাৰ ডুমডুমাত মৰাণ জনগোষ্ঠীৰ ৰাতি বিহু উদযাপন ।

 সম্প্ৰতি ব’হাগ বিহুৰ আনন্দ উল্লাসৰ মাজতে ঠায়ে ঠায়ে উদযাপন হৈ আছে বিহু সন্মিলন  । তিনিচুকীয়া জিলাৰ মৰাণ অধ্যুষিত অঞ্চলসমূহত এতিয়া মৰাণ জনগোষ্ঠীৰ ৰীতি-নীতিৰে অনুষ্ঠিত হৈ আহিছে গছ তলৰ বিহু আৰু ৰাতি বিহু । নিজস্ব ধৰ্মীয় পৰম্পৰাৰে মৰাণ জনগোষ্ঠীৰ লোকসকলে ৰাতি বিহু পালন কৰে । কিছু পৃথক আৰু স্বকীয় কলা-সংস্কৃতিৰ সামাহাৰেৰে ভৰপূৰ আদিম ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীৰ লোকসকলে তিনিচুকীয়া জিলাৰ ডুমডুমাৰ কাকজানত মঙ্গলবাৰে ৰাতিবিহু পালন কৰে । মৰাণ ডেকা-গাভৰুৰ নৃত্যত জীপাল হৈ উঠে কাকজান ৰাজহুৱা প্ৰেক্ষাগৃহৰ চৌহদ । তিনিচুকীয়া জিলাৰ লগতে অৰুণাচল প্ৰদেশৰ পৰা ডেকা যুৱক সকলে চাকচনী(বাহৰ মাৰি) বাহত কোবাই কোবাই গাভৰু সকলক নৃত্য কৰাই জীপাল কৰে নিশাটো ।

Related Articles