তিনিচুকীয়াৰ জাগুনত উত্তপ্ত পৰিস্থিতি……

তিনিচুকীয়াৰ জাগুনত উত্তপ্ত পৰিস্থিতি। যোৱা ১৮ ডিচেম্বৰত জাগুনৰ ৯ মাইলৰ ক্ৰেচাৰ মিলৰপৰা ৮ জনীয়া অস্ত্ৰধাৰী দ’লে অপহৰণ কৰি নিয়া প্ৰকাশ চেত্ৰীৰ আজিও সন্ধান উলিয়াব পৰা নাই আৰক্ষীয়ে। ব্যৱসায়ী কৃষ্ণ চেত্ৰীৰ ক্ৰেচাৰ মিলৰপৰা পুৱা ১০ বজাত অপহৰণ কৰি লৈ যোৱাৰ আজি প্ৰায় ৩ মাহ দিন অতিক্ৰম কৰাৰ পিছতো যুৱকজনৰ কোনো শুংসূত্ৰ নোপোৱাত চৰম অনিশ্চয়তাত ভূগিছে পৰিয়ালবৰ্গ ৷

ইফালে এই ঘটনাৰ পিছত অপহৃত প্ৰকাশ চেত্ৰীক উদ্ধাৰৰ ক্ষেত্ৰত ক্ৰেচাৰ মিলৰ স্বত্বাধিকাৰী কৃষ্ণ চেত্ৰীয়ে কোনোধৰণৰ পদক্ষেপ গ্ৰহন নকৰাৰ অভিযোগ তুলি আজি জাগুনৰ মহিলা সমাজে ক্ৰেচাৰ মিলৰ স্বত্বাধিকাৰীৰ ৯ মাইলস্থিত বাসগৃহৰ সন্মূখত এক প্ৰতিবাদী কায্যসূচী ৰূপায়ণ কৰে৷ এই প্ৰতিবাদী কায্যসূচীৰ মাজতে সৃষ্টি হ’য় এক অভাৱনীয় পৰিস্থিতিৰ। প্ৰতিবাদ কৰিবলৈ অহা মহিলাৰ লগত টনা আঁজুৰা কৃষ্ণ ছেত্ৰীৰ পৰিবাৰৰ। কোনোমতে আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে সমগ্ৰ পৰিস্থিতি। প্ৰতিবাদী মহিলাই প্ৰকাশ ছেত্ৰীক আলফা (স্বাধীন)ৰ কবলৰ পৰা মুকলি কৰি অনা সন্দৰ্ভত জবাবদিহি কৰে কৃষ্ণ ছেত্ৰীক।